Breaking

ৰাজ্যত বৃদ্ধি পাইছে জাপানিছ এনকেফেলিইটিছ ৰোগীৰ সংখ্যা…

0 131

ৰাজ্যত বৃদ্ধি পাইছে জাপানিছ এনকেফেলিইটিছ ৰোগীৰ সংখ্যা । চলিত মাহত জাপানিছ এনকেফেলিইটিছত আক্ৰান্ত হৈছে ২২৬ গৰাকী লোক । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ প্ৰতিবেদনত প্ৰকাশিত পাইছে এই তথ্য় । আনহাতে ২০ জুলাইত নতুনকৈ ২৪ টা ঘটনা পোহৰলৈ অহাৰ লগতে ৩ গৰাকী লোকৰ মৃত্য়ু হৈছে ।

বাৰিষা অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ (Japanese encephalitis) আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ । বিগত সময়ছোৱাত সমগ্ৰ জিলাখনত এই ৰোগে সন্ত্ৰাসৰ ৰূপ ধাৰণ কৰাৰ পাছত ২০১২ চনৰ পৰা আৰম্ভ কৰা প্ৰতিষেধক প্ৰদানে এই ৰোগৰ প্ৰাদুৰ্ভাৱ স্তিমিত কৰে ।

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰোগ প্ৰতিৰোধৰ বাবে মহ খেদোৱা ধোঁৱা প্ৰদান, ঔষধিযুক্ত আঁঠুৱা বিতৰণ, সজাগতা সভা আদি অব্যাহত ৰাখিছে যদিও ৰাইজক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখাৰ লগতে মহ উৎপন্ন হ’ব পৰা পানী বন্ধ ঠাই সমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ বিভাগে আহ্বান জনাইছে ।

সামান্য গাৰ বিষ-জ্বৰ আদি অনুভৱ কৰিলে তৎকালে চিকিৎসকৰ পৰামৰ্শ লবলৈও স্বাস্থ্য বিভাগে ৰাইজক অনুৰোধ জনাইছে ৷ ইফালে ডিমৌ স্বাস্থ্য খণ্ডৰ লগতে ম’ৰাবজাৰ স্বাস্থ্য খণ্ডত এই ৰোগত সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷

Leave A Reply