Breaking

জামুগুৰিহাটৰ চৌকী ঘাটত পুনৰ সন্দেহজনক নাগৰিকৰ দপদপনি

0 530

জামুগুৰিহাটৰ চৌকী ঘাটত পুনৰ সন্দেহজনক নাগৰিকৰ দপদপনি বৃদ্ধি পাইছে ৷ বৃহস্পতিবাৰে জামুগুৰিহাটৰ চৌকী ঘাটত খিলঞ্জীয়া যুৱকৰ এখন কৃষি পামত জুই লগাই দিয়ে সন্দেহজনক লোকে ৷ এই জুইত কৃষি পামখনৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মিভূত হয় ৷ পাচত ঘটনা স্থলীত স্থানীয় বিধায়ক পদ্ম হাজৰিকা,জামুগুৰি আৰক্ষী আৰু নদুৱাৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে এই দূস্কাৰ্য্যত জৰিত সন্দেহজনক নাগৰিকক শীঘ্ৰে কৰায়ত্ব কৰাৰো নিৰ্দ্দেশ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷ মনকৰিবলগীয়া যে যোৱা ২০১৯ বৰ্ষত চতিয়া সমষ্টিৰ অন্তৰ্গত চৌকীঘাট আৰু দিঘলী চাপৰিৰ পৰা ৫২২ টা সন্দেহজনক পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ লগতে উক্ত উচ্ছেদিত ভূমিত স্থানীয় যুৱকৰে গঠিত ৫২ টা কৃষি গোটক কৃষি কৰ্মৰ বাৱে আবণ্টন দিছিল ৷ সম্প্ৰতি সন্দেহজনক নাগৰিক সকল উক্ত চৰচাপৰিতে পলাই থাকি উচ্ছেদিত ভূমি পুনৰ দখলৰ চেষ্টা চলাই আহিছে ৷ স্থানীয় যুৱকৰ কৃষি কৰ্ম অনিষ্ট কৰি অহাৰ লগতে শহতীয়াকৈ কৃষি পামত জুই লগাই ভাবুকি প্ৰদান কৰি আহিছে ৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এনেকূৱা ভাবুকি কেতিয়াও সহ্য কৰা নহব আৰু ইয়াক কঠোৰ হাতেৰে দমন কৰা হব বুলিও মন্তৱ্য কৰে ৷

Leave A Reply