Breaking

এনিমিয়া মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে পোষণ মাহ’২০২৩ ৰ পৰীক্ষা, চিকিৎসা আৰু সজাগতা সভা

0 44

অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা ডিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্প লগতে সোণাপুৰ প্ৰাথমিক স্বাস্থ কেন্দ্ৰ ডিগাৰু শাখাৰ সহযোগত বামুনখাটস্থিত আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত পোষণ মাহ ২০২৩ উপলক্ষে এক বিশেষ সজাগতা সভা, পৰীক্ষা আৰু চিকিৎসা সেৱাৰ আয়োজন কৰা হয় ।

অনুষ্ঠানত ডিগাৰু চিকিৎসা কেন্দ্ৰৰ চিকিৎসা কৰ্মী জ্ঞাননাথ শৰ্মা আৰু বিজয় শৰ্মাই বিদ্যালয়খনৰ ১৪ বছৰৰ ওপৰৰ প্ৰায় এশগৰাকী ছাত্ৰীৰ এনিমিয়া পৰীক্ষা কৰে । লগতে উপস্থিত প্ৰত্যেক গৰাকী ছাত্ৰীকে আইৰণ টেবলেটৰ লগতে চেনেটেৰী পেড প্ৰদান কৰা হয় । সজাগতা সভাত উপস্থিত থাকি ডিমৰীয়া শিশু সংহত উন্নয়ন প্ৰকল্পৰ চুপাৰভাইজাৰ ক্ৰমান্বয়ে কস্তুৰী গগৈ , পূৰ্নিমা পেগু, বিনীতা চেতিয়া হাজৰিকা আৰু খণ্ড সমন্বয়ক বৰ্ণালী কলিতাই কিশোৰীসকৰ স্বাস্থ সজাগতা , সুষম আহাৰ লগতে ঋতুকালীন সময়ত লবলগীয়া সাৱধনতা আদি বিষয়ত উপস্থিত মাতৃ আৰু কিশোৰীসকলক বিভিন্ন পৰামৰ্শ প্ৰদান কৰে ।

উক্ত অনুষ্ঠানতে ডিগাৰু অঞ্চলৰ কেইবাটাও অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সুষম আহাৰ থলুৱা শাক-পাছলিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে ।

বিদ্যালয়ৰ প্ৰধান তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতী শিক্ষক উপেন গোস্বামীয়ে ডিমৰীয়া সংহত শিশু প্ৰকল্পৰ বিষয়া তথা ডিগাৰু চিকিৎসালয়ৰ চিকিৎসাকৰ্মী আৰু অঙ্গনবাদী কৰ্মী আৰু সহায়িকাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনবোৰত এনেধৰণৰ চিকিৎসা আৰু সজাগতা সভা আয়োজন কৰিবলৈ অনুৰোধ জনায় ।

Leave A Reply