Breaking

কেইবাজনো যুৱকৰ স’তে অন্তৰংগ মুহূৰ্ত কটায় অজয়-কাজলৰ কন্যা ন্যাছাই

0 89

এদল যুৱকৰ স’তে অন্তৰংগ মুহূৰ্তত দেখা গ’ল অজয় দেৱগণ আৰু কাজলৰ কন্যা ন্যাছা দেৱগণক। ইয়াৰ পূৰ্বেও ন্যাছাক ল’ৰা বন্ধুসকলৰ স’তে মিলা-মিচা কৰা দেখা পোৱা গৈছিল। তাৰপাছতে চৰ্চা চলিছে কিয় ইমান ল’ৰা বন্ধুৰ স’তে একাত্ম অনুভৱ কৰে তাৰকা সন্তাগৰাকীয়ে।

বলিউডৰ তাৰকা সন্তান ন্যাছা দেখিবলৈ বিৰাট ধুনিয়া। ন্যাছাৰ ভুৱনভোলোৱা হাঁহিয়ে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰি আহিছে। ধুনিয়াৰ উপৰিও ন্যাছা এগৰাকী ফূৰ্তিবাজ ছোৱালীও।

দিৱালীৰ আনন্দ উদযাপন ন্যাছাই ল’ৰা বন্ধুসকলৰ স’তেই কৰিছে। কিন্তু চৰ্চা চলিছে যে কিয় ন্যাছাই অকল ল’ৰাবন্ধুুসকলৰ স’তে আনন্দ উদযাপন কৰে?

”ল’ৰা কিম্বা ছোৱালী হওক, সকলোৱেই বন্ধু। সিহঁত থাকিলে চাৰিওপাশৰ সকলো সহজ হৈ যায়।’’- এই অনুভৱ ব্যক্ত কৰিছে ন্যাছাই।

ন্যাছাই কয় যে তেওঁ নাৰী বুলিয়েই জীৱনৰ আনন্দ উপভোগ কৰাত কোনেও বাধা দিব নোৱাৰে। ছোৱালীতকৈ ল’ৰাৰ সৈতে সেয়ে তেওঁৰ সংগ বেছি জমি উঠে।

ন্যাছাৰ এগৰাকী প্ৰেমাতুৰ যুৱতীও আছে। বেদান্ত মহাজন, অৰহান আৱৰ্তমানীকে ধৰি কেইবাজনো যুৱকে ন্যাছাৰ স’তে সম্পৰ্ক ৰাখি জনপ্ৰিয়তা লাভ কৰিছে।

অতি শীঘ্ৰেই হয়তো বলিউডৰ ৰূপালী পৰ্দাতো ন্যাছাক দেখা যাব পাৰে। চিত্ৰপ্ৰেমীয়ে লাভ কৰিব আন এগৰাকী মোহময়ী অভিনেত্ৰী।

Leave A Reply