Breaking

টংলাত ওদালগুৰি জিলা আপৰ কাৰ্যালয় মুকলি

0 54

দিল্লী,পাঞ্জাৱৰ দৰে অসমতো আপে অগ্ৰগতি লাভ কৰাৰ দিশে গতি কৰিছে৷

দেশৰ সমান্তৰালভাৱে ৰাজ্যটো ২০২৪ৰ লোকসভা কেন্দ্ৰীক নিৰ্বাচনী বতাহ ববলৈ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দল সমূহে সাংগঠনিক ভেটি সুদৃঢ় কৰাত গুৰুত্ব দি অহাৰ সময়তে
ওদালগুৰি জিলাৰ টংলা চহৰৰ ৪ নম্বৰ খণ্ডত আপৰ এটা অস্থায়ী মুখ্য কাৰ্যালয় মুকলি কৰে।

ওদালগুৰি জিলা আপৰ সভাপতি খগেন চন্দ্ৰ বড়োয়ে আনুষ্ঠানিক ভাৱে কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰি উপস্থিত দলীয় কাৰ্যকর্তা সকলক উদ্দেশ্যি দিয়া ভাষণত কয় যে, আপে দিল্লী আৰু পাঞ্জাৱৰ দৰে অসমতো অগ্ৰগতি লাভ কৰিব।

-অৰূপ বড়ো, টংলা

Leave A Reply