Breaking

ওদালগুৰি পৌৰসভাৰ অধ্যক্ষ ৰাকেশ বড়োক নেপালী সাহিত্য সভাৰ সম্বৰ্ধনা

0 2,019

অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি পৌৰ সভাৰ অধ্যক্ষ ৰাকেশ বড়োক ২৮ আগষ্টত  তেওঁৰ নিজ গৃহ মনপুৰলৈ গৈ সম্বৰ্ধনা জনায়।  ৰাকেশ বড়ো বিগত কালছোৱাত নিখিল বড়ো ছাত্র সন্থাৰ লগতো জড়িত থাকি বড়ো জাতীয় সমস্যা সমাধানৰ লগতে অন্যান্য জনগোষ্ঠী সকলৰ প্ৰতিও সমিল মিলেৰে কাম কৰি গৈছিল। তেখেত পিছলৈ গৈ পিপল্চ জৈন্ট এক্সন কমিটিৰো আহ্বায়ক হিচাপে থাকি বড়ো সমস্যা সমাধানৰ লগতে  তেতিয়াৰ সশস্ত্ৰ পন্থা অৱলম্বন কৰা এন ডি এফ বিৰ সদস্য সকলক শান্তি বাৰ্তাত আনিবলৈ পিপল্চ জইন্ট এক্সন কমিটিৰ পৰাও অশেষ চেষ্টা চলাইছিল। বৰ্তমানৰ বি টি চিত চৰকাৰ গঠন কৰা ইউ পি পি এল দলৰ মিত্ৰ সংগঠন হিচাপে পিপল্চ জইন্ট এক্সন কমিটিৰ  ফালৰ পৰা চৰকাৰ গঠন কৰাত সহায় আগ বঢ়াইছিল।  ৰাকেশ বড়ো বৰ্তমান ওদালগুৰি পৌৰ সভাৰ অধ্যক্ষ পদত থকাৰ বাবে অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে তেওঁৰ নিজ গৃহলৈ গৈ  সম্বৰ্ধনা জনোৱাৰ লগতে  তেখেতৰ কাৰ্য্যকালত ওদালগুৰি চহৰৰ ক্ৰমান্বয় উন্নত হ’ব বুলি সাহিত্য সভাৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰিছে।    অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰীৰ  নেতৃত্বত যোৱা সজাতি দলত সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য সহদেৱ গৌতম, জিলা সমিতিৰ উপদেষ্টা তথা বিশিষ্ট সাংবাদিক বৈদ্যনাথ উপাধ্যায়,  জিলা সমিতিৰ সাধাৰণ সম্পাদক মোহন ৰাউত, শিক্ষা সম্পাদক দ্বীপেন্দ্ৰ সাপকোটা, সাহিত্য সম্পাদক তিল বাহাদুৰ ৰেগ্মী, সাংস্কৃতিক সম্পাদক ভূৱন মৈনালী আদি উপস্থিত থাকি সহায় সহযোগিতা কৰে বুলি সংগঠনটোবে এক প্ৰেছ বিবৃতিৰ যোগে জনাইছে ৷

Leave A Reply