Breaking

মহিলা কাবাডী প্ৰতিযোগিতাত ওদালগুৰি ষ্টাৰ ক্লাব জয়ী

0 2,382

 ওদালগুৰিৰ নলবাৰী খেলপথাৰত  ২৪নবেম্বৰৰ পৰা ফ্লেটাৰনিতি ক্লাবৰ উদ্যোগত আৰম্ভ হোৱা ওদালগুৰি মহকুমা আন্ত:ক্লাব মহিলা কাবাডী প্ৰতিযোগিতাৰ আজি সামৰণি পৰে।২৫নবেম্বৰত বিয়লি ৪বজাত অনুষ্ঠিত চূড়ান্ত খেলত ওদালগুৰি ষ্টাৰ ক্লাবে  সাপেখাইটি ইউথ ক্লাবক ৩০-১৮ পইন্টত পৰাজিত কৰি খিতাপ অৰ্জন কৰে। ৰাইডাৰ-কেচাৰৰ সন্মান লাভ কৰে ওদালগুৰি ষ্টাৰ ক্লাবৰ খেলুৱৈ ফ্ৰিমীছা দৈমাৰী আৰু সাপেখাইটি ইউথ ক্লাবৰ খেলুৱৈ ছোৱালী মূৰ্মূই ৰাইডাৰৰ সন্মান লাভ কৰে।খেল পৰিচালনা কৰে ৰেফাৰী বিশ্বজিৎ বড়োই।আম্পিয়াৰ মানিক ৰাভা আৰু মিথিংগা নাৰ্জাৰী। স্ক’ৰাৰ নিৰঞ্জন বসুমতাৰী।সহকাৰী স্কৰাৰ হেমন্ত বড়ো আৰু গৌজৌংচেৰাং বসুমতাৰীয়ে।বঁটা বিতৰণী সভাত উপস্থিত থাকি বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, ইউপিপিএলৰ উপ-সভাপতি ভ্ৰমন বাগ্লাৰী, সদৌ অসম কাবাডী ফেডাৰেচনৰ সহকাৰী সম্পাদক প্ৰনীল দৈমাৰী, ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি চামূৱেল দৈমাৰী, ইউ পিপিএলৰ ধনশ্ৰী ব্লকৰ সভাপতি ৰতেন্দ্ৰ দৈমাৰী,ক্লাবৰ উপদেষ্টা বিজন দৈমাৰী আৰু ওদালগুৰি জিলা ইউপিপিএলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীয়ে দুয়োটা দলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰে।ওদালগুৰি ফ্লেটাৰনিতি ক্লাবৰ উদ্যোগত অনুষ্ঠিত  উক্ত প্ৰতিযোগিতাত ২০টা মহিলা কাবাডী দলে অংশ গ্ৰহণ কৰে।

Leave A Reply