Breaking

ভুৱা এনকাউন্টাৰৰ প্ৰতিবাদত ওদালগুৰিত ওদালগুৰিৰ ছাত্ৰ সমাজৰ ধৰ্ণা

0 2,028

সদৌ ওদালগুৰি জিলাৰ ছাত্ৰ-যুৱ সমাজৰ উদ্যোগত আজি নলবাৰী খেল পথাৰত অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰত  জৌংছাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মক হত্যা কৰাৰ অভিযোগ তুলি ধৰ্ণা কাৰ্মসূচী ৰূপায়ণ। দিনৰ ১১ বজাত ছাত্ৰ -ছাত্ৰী সকল প্ৰতিবাদৰ বাবে হাতে হাতে বেনাৰ,ফেষ্টুন আদি লৈ সমবেত হয় যদিও আৰক্ষীৰ দলে সমদল কৰি প্ৰতিবাদ জনোৱাত বাধা আৰোপ কৰে।আৰক্ষীৰ এই বাধা নেওচি নলবাৰী খেলপথাৰতে সমবেত হৈ  অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰত জৌংচাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ হত্যাৰ CBI তদন্ত বিচাৰ ,অসম চৰকাৰ হায় হায়,অসম পুলিচ গো বেক, জয় বড়ো হাৰিনী আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে।নেতৃবৃন্দই কয়-নিৰীহ বড়ো যুৱকক এনেদৰে ভুৱা এনকাউন্টাৰ দেখুৱাই অসম আৰক্ষীয়ে হত্যা কৰাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছো আৰু এই হত্যাকাণ্ডৰ এক ন্যায়িক তদন্ত হব লাগেবুলি দাবী জনায়।

Leave A Reply