Breaking

চ’ছিয়েল মিডিয়াত পবিত্ৰ ধৰ্ম গ্ৰন্থ ৰামায়ণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য

0 2,242

 ভগৱান ৰামচন্দ্ৰ,সীতাদেৱী আৰু পবিত্ৰ ধৰ্ম গ্ৰন্থ ৰামায়ণক লৈ  কিছুদিন পুৰ্ব উত্তৰাখণ্ডৰ ডেৰাডুনৰ নিৱাসী তথা কমেডিয়ান অভিনেতা বিৰ দাসে অশ্লীল মন্তব্য  কৰাৰ বিৰুদ্ধে মঙলবাৰে ভাৰতীয় জনতা যূৱ মৰ্চাই সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সমান্তৰালভাৱে নলবাৰী জিলাৰ  ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চা সভাপতি সুৰেশ কলিতাও এখন এজাহাৰ দাখিল কৰে।এজাহাৰত  উল্লেখ কৰা অনুসৰি কিছুদিন পুৰ্বে কমেডিয়ান অভিনেতা বিৰ দাসে আমেৰিকা’ত –  Net flix web show ৰ এটা অনুষ্ঠানত ৰামচন্দ্ৰ,সীতাদেৱী আৰু পবিত্ৰ ধৰ্মগ্ৰন্থ ৰামায়ণৰ বিৰুদ্ধে অশ্লীল আৰু অশালীন মন্তব্য কৰা সমগ্ৰ ঘটনা  চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইফালে আজিৰ এই কাৰ্য্যসূচী অংশগ্ৰহণ কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,যূৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উপসভাপতি গৌতম কাকতী,বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হেমাংগ দাসসহ অৰ্ধশতাধিক যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।

Leave A Reply