Breaking

চামতাত ধৰ্মপুৰ সঞ্চয় আৰু ঋণদান সেৱা সমবায় সমিতি লি:ৰ কাৰ্যালয় উদ্বোধন

0 2,278

চামতা মটৰষ্টণ্ড বজাৰৰ পল্লা ৰোডত ৰবিৱাৰে ধৰ্মপুৰ সঞ্চয় আৰু ঋণদান সেৱা সমবায় সমিতি লি:ৰ মূখ্য কাৰ্যালয় এটিৰ আনুষ্ঠানিকতাৰে উদ্বোধন কৰা হয় । আবেলি প্ৰায় ৪ বজাত আৰম্ভ হোৱা কাৰ্যালয় উদ্বোধনী সভাত সভাপতিত্ব কৰে সমিতিখনৰ সভাপতি এম হাচান আলীয়ে ৷ তাত বিশিষ্ট সমাজ কৰ্মী হিৰন্য বৰ্মন,নিৱন্ধকাৰ, সাংস্কৃতিক কৰ্মী নৱৰত্ন পাটোৱাৰী, লেখক,সাংবাদিক হিতেশ ডেকা, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন শৰ্মা, বিশিষ্ট কবি শান্তনু শৰ্মা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি শুভেচ্ছামুলক ভাষন প্ৰদান কৰে ৷ অনুষ্ঠানত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্হাৰ সম্পাদক প্ৰাঞ্জিত ঠাকুৰীয়া, পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি সভাপতি তপন কুমাৰ শৰ্মাইও শুভেচ্ছামুলক ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হীৰক বৰ্মন আৰু শেষত শলাগৰ শৰাই প্ৰদান কৰে সমিতিৰ কাৰ্যকৰ্তা ড° ৰাজেশ কাকতীয়ে ৷ সমাতিৰ মূখ্য কাৰ্যালয়টো ফিটা কাটি উন্মোচন কৰি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ সমবায় বিভাগৰ উপ পঞ্জীয়ক বিকাশ ভট্টাচাৰ্যই ৷ উন্মোচক ভট্টাচাৰ্যই অসম চৰকাৰ সমবায় বিভাগৰ দ্বাৰা পঞ্জীয়ন ভুক্ত ধৰ্মপুৰ সঞ্চয় আৰু সমিতি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোত মানুহে ধন জমা থলে তাৰ দায় দায়িত্ব চৰকাৰে গ্ৰহন কৰে বুলি উপস্হিত ৰাইজক নিশ্চিতি প্ৰদান কৰে ৷

Leave A Reply