Breaking

বৰপেটাত নৃত্য-গীতৰ মাজেৰে পোষণ মাহৰ আনুষ্ঠানিক শুভাৰম্ভ

0 2,045

 মাতৃ আৰু শিশুৰ উপযুক্ত পৰিপুষ্টিৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বৰপেটা জিলাতো আৰম্ভ হোৱা পোষণ মাহৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত আয়োজিত এটি অনুষ্ঠানত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই কাৰ্যসূচী শুভাৰম্ভ কৰি দিয়া ভাষণত অঙ্গনবাড়ী কৰ্মী সহায়িকা আৰু নিৰ্দেশিকা সকলকে আদি কৰি সমাজ কল্যাণ বিভাগৰ বিষয়া সকলক অতি আন্তৰিকতাৰে কাৰ্যসূচী খন সফল কৰি তুলিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, চাকৰিৰ মাজেৰে সমাজ সেৱাৰ এনে সুন্দৰ সুযোগ ভাগ্যবান জনেহে লাভ কৰে। সেয়ে পোষণ অভিযানক সফল ৰূপ দি  জিলাখনৰ  প্ৰতিটো শিশু আৰু মাতৃক উপযুক্ত পৰিপুষ্টিৰে সুস্থ সবল ৰূপত গঢ়ি তোলাৰ লক্ষ্যত উপনীত হবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে এয়া আমাৰ প্ৰতিজনৰে এটা দায়িত্ব। তাৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে তেওঁলোকৰ অভ্যাসৰো সলনি কৰিব লাগিব বুলি মতপ্ৰকাশ কৰে। এই মাহটোৰ কাৰ্যসূচীক সফল ৰূপ দিয়াৰ উদ্দেশ্য বৰপেটা জিলাৰ বাবে ‘ভোগমন’ নাম দি প্ৰস্তুত কৰা শুভঙ্কৰটিও উপায়ুক্ত গৰাকীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।  উল্লেখযোগ্য যে সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত‌ৰ উদ্ভাৱনী চিন্তাৰে জিলাখনৰ বিশেষত্ব আৰু বিষয় বস্তুৰ গুৰুত্বৰ ওপৰত লক্ষ্য ৰাখি অভিনৱ ৰূপত এই শুভংকৰটি প্ৰস্তুত কৰা হৈছে।  সভাখনৰ আৰম্ভণীতে তেওঁ উদ্দেশ্য ব্যাখ্যা কৰি পোষণ মাহৰ তাৎপৰ্য বুজাই কয়। ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত দিপাঙ্কৰ কলিতাই আঁতধৰা সভাখনত যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, মাণ্ডলিক আঁচনি বিষয়া জ্যোতিৰেখা বৰগোহাঁই আৰু জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাসেও ভাষণ দিয়ে। অনুষ্ঠানত বৰপেটা সংহত  শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত অঙ্গনবাড়ী নিৰীক্ষক আৰু মন্দিয়াৰ অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে লোক  সংগীত আৰু নৃত্যৰ মাজেৰে সামাজিক বাৰ্তা প্ৰদান কৰা কেবাটাও সুন্দৰ অনুষ্ঠান পৰিবেশন কৰে। এই অনুষ্ঠানৰ সৈতে ৰজিতা খুৱাই বিভিন্ন অঙ্গনবাড়ী কেন্দ্ৰৰ দ্বাৰা প্ৰস্তুত কৰা পুষ্টিদায়ী শাক-পাছলি আৰু পিঠা-পনা আদিও প্ৰদৰ্শন কৰা হয়। সভাৰ মাজতে কেবাগৰাকী গৰ্ভৱতী মহিলা আৰু ছবছৰৰ অনুৰ্ধৰ শিশুৰ মাজত পুষ্টিকৰ খাদ্য সামগ্ৰী আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।

Leave A Reply