Breaking

সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…

0 33

বিজেপিয়ে হিন্দু বাঙালীৰ ভোট বেংক লৈ এতিয়াও কৰি আছে ৰাজনীতি।

এইবাৰ পুনৰ বিদেশী গোচৰৰ জাননী লাভ কৰিলে তামুলপুৰৰ এগৰাকী হিন্দু বাঙালীয়ে। যি খবৰে স্বাভাৱিকতে এতিয়া পুনৰ হিন্দু বাঙালী সকলৰ মাজত সৃষ্টি কৰিছে বিভ্ৰান্তি আৰু প্ৰতিক্ৰিয়াৰ। NRC ৰ পূৰ্ণাংগ তালিকাত নাম সন্নিৱিষ্ট থকাৰ পিছতো তামুলপুৰ জিলাৰ বিহংগপুৰৰ এইগৰাকী প্ৰহ্লাদ মজুমদাৰ নামৰ লোকজনক কামৰূপ মহানগৰ বিদেশী ন্যায়াধীকৰণৰ পৰা প্ৰদান কৰা হৈছে এক আইনী প্ৰক্ৰিয়াৰ জাননী। আৰু এই জাননী লাভ কৰাৰ পিছতে সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্ম কর্তা সকলে।

কা আৰু কেবৰ দ্বাৰা অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে বাঙালী সকলৰ সৈতে থকা হাতামপুৰুষীয়া সম্পৰ্ক নষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে।পূৰ্বে কংগ্ৰেছে যিদৰে হিন্দু বাঙালীৰ ভোট লৈ ৰাজনীতি কৰিছিল এতিয়া বিজেপিয়েও একেই পন্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই এনেবোৰ কাৰ্য বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।

হিন্দুত্ববাদী চৰকাৰে হিন্দু বাঙালীৰ ভোট লৈ হিন্দুৰ ওপৰত কৰা এনে চক্ৰান্ত কোনো পধ্যেই সহ্য কৰা নহব বুলিও হুংকাৰ নেতৃত্বৰ । আনহাতে এনে ধৰণৰ কাৰ্য পন্থা চৰকাৰে অব্যাহত ৰাখিলে আগন্তুক ২০২৫ চনৰ বি টি আৰু নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হব।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

Leave A Reply