অহা ২৩ জুলাইত আৰম্ভ হব টকিঅ’ অলিম্পিক গেমছ ২০২০। ভাৰতীয় দলৰ স’তে যাব অসমৰ একমাত্ৰ খেলুৱৈ, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰী তথা অৰ্জুন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহায়ে। ইয়াকে লৈ সমগ্ৰ গোলাঘাট জিলাৰ লগতে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ত উচাহৰ এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছে। উল্লেখযোগ্য যে অসমৰ সুযোগ্য সন্তানগৰাকী বৰ্তমান বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয় অধ্যয়নকেন্দ্ৰৰ এগৰাকী শিক্ষাৰ্থী আৰু তেওঁৰ অধ্যয়নৰ সমস্ত দায়িত্ব মহাবিদ্যালয়ৰ কতৃপক্ষই কান্ধ পাতি লৈছে। সেয়ে খেলুৱৈ গৰাকীৰ সফলতা কামনা কৰি অধ্যক্ষ ড° জয়ন্ত গগৈ, অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ড° অৰুণ কুমাৰ বৰা, লাভলীনা বৰগোঁহাইৰ পৰিয়ালৰ লগত যোগাযোগ কৰি মহাবিদ্যালয়ত অধ্যয়নৰ সুবিধা কৰি দিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰা সহযোগী অধ্যাপক আৰু অধ্যয়ন কেন্দ্ৰটোৰ তদানীন্তন সমন্বয়ক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সদস্য, ক্ৰীড়া নিৱন্ধকাৰ, প্ৰবীণ ক্ৰীড়াবিদ, মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি সুবোধ বৰাকে আদি কৰি মহাবিদ্যালয় পৰিয়ালৰ সমূহ সদস্যই শুভেচ্ছা জ্ঞাপন কৰিছে। বিশ্ব ক্ৰীড়াৰ এই সৰ্বোচ্চ প্ৰতিযোগিতাখনিতো লাভলীনা বৰগোঁহায়ে পদক অৰ্জন কৰিবলৈ সক্ষম হব বুলি সকলোৱেই আশাবাদী। তদুপৰি অহা ৯ আগষ্টৰ পৰা পোলেণ্ডত অনুষ্ঠিত হব লগা বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱা বোকাখাতৰ সন্তান বিশাল চাংমাইকো মহাবিদ্যালয় পৰিয়ালৰ পৰা অভিনন্দন জ্ঞাপন কৰে।
Breaking
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কোন ধুনীয়া উৰ্ফিনে, জিঅৰ্জিয়া? উৰ্ফি জাভেদতকৈ হট আৰবাজ খানৰ ৫০বছৰীয়া প্ৰেমিকা জিঅৰ্জিয়া এন্দ্ৰিয়ানি! ফটো চাওক…
- আপুনি দুৰ্বল চুলিৰ গৰাকী নেকি? গতিকে এনেদৰে নৰসিংহ পাত ব্যৱহাৰ কৰক…
- প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব…
- মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ! পতন JDU-BJP চৰকাৰ।নতুন চৰকাৰ গঠনৰ দাবী…
- আলিয়াৰ গৰ্ভধাৰণৰ বিষয়ে কৰীণা কাপুৰে ক’লে – ‘মইও কম বয়সতে গৰ্ভৱতী হৈছিলোঁ’…
- ছ’চিয়েল মিডিয়াত নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে উৰ্ফিয়ে! কিয় এগৰাকী অভিনেত্ৰীক লক্ষ্য কৰি লৈছে উৰ্ফিয়ে…
- স্বাধীনতা দিৱসৰ সংগতি ৰাখি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীৰ ফ্লেগমাৰ্চ
- অভয়াপুৰীত ১০০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকাৰে “ত্ৰিৰংগা যাত্ৰা”
- ওদালগুৰি জিলা আপকু’ৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ পবিত্ৰ স্মৃতিত সাংবাদিক সংহতি দিৱস পালন
- বিদ্যুৎ সংসোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীতবিদ্যুৎ কৰ্মীৰ দিনজোৰা ধৰ্মঘট…