Breaking

ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা ৰঙিয়া নগৰক North Eastern Zone ৰ ভিতৰত স্বচ্ছ চহৰ হিচাপে ৰাষ্ট্ৰীয় মৰ্য্যদা…

0 79

ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা ৰঙিয়া নগৰক North Eastern Zone ৰ ভিতৰত স্বচ্ছ চহৰ হিচাপে ৰাষ্ট্ৰীয় মৰ্য্যদা । 25হাজাৰৰ পৰা 50 হাজাৰ বাসিন্দাৰ শ্ৰেণীত এই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰঙিয়া চহৰে ।

আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সৰ্বভাৰতীয় পৰ্য্যায়ত তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত তালকতৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা” swachh survekshan awards 2022” অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পৰিস্কাৰ নগৰ হিচাপে বিবেচিত হৈছে ৰঙিয়া নগৰ ।

এই পুৰস্কাৰ গ্ৰহণ কৰিবলৈ সক্ষম হোৱাত গৌৰৱান্বিত হৈছে ৰঙিয়াবাসী ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰৰ পৰা ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ নেতৃত্বত যোৱা দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা গ্ৰহণ কৰে । ৰঙিয়া নগৰবাসী জনসাধাৰণৰ সহযোগিতাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ৰঙিয়া ।

Leave A Reply