স্বাধীনতা দিৱসৰ দিনাই কামৰূপ জিলাৰ হাজোত হিন্দু জাগৰণ মঞ্চই কাণত ধৰি আঠূ কঢ়ালে মাছুক আব্দুল্লাহ

স্বাধীনতা দিৱসৰ দিনাই কামৰূপ জিলাৰ হাজোত হিন্দু জাগৰণ মঞ্চই কাণত ধৰি আঠূ কঢ়ালে মাছুক আব্দুল্লাহ ।যুৱকজনে ছছিয়েল মিডিয়া যোগে দিছিল পাকিস্তান জিন্দাবাদ।

কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বৰম্বৈত সংঘটিত হৈছে এক ঘৃণনীয় কাণ্ড। স্বাধীনতা দিৱসৰ দিনাই মাছুক আব্দুল্লাহ নামৰ যুৱক জনে ছছিয়েল মিডিয়া যোগে দিছিল পাকিস্তান জিন্দাবাদ ধ্বনি। পিছলৈ যুৱক জনক মাতি আনি আঠু কঢ়াই কাণত ধৰালে হিন্দু জাগৰণ মঞ্চই।যুৱকজনৰ এই ঘৃণনীয় কাণ্ডত জাঙুৰ খাই উঠিছে হাজোৰ সচেতন মহলৰ লগতে হিন্দু জাগৰণ মঞ্চই।

মাছুক আব্দুল্লাহ নামৰ যুৱক জনক শেষত ৰাজহুৱাকৈ ক্ষমা খুজাৰ লগতে গাবলৈ দিলে ৰাষ্ট্ৰীয় সংগীত‌ ভাৰত মাতা কী জয়, পাকিস্তান মুৰ্দাবাদ।

Related Articles