Breaking

নুমলীগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত পুখুৰী সদৃশ গাতত একাঠু পানী:

0 2,041

বোকাখাত নুমলীগড়ৰ ধনশিৰি দলঙৰ সমীপৰ পূব দিশত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ একাঠু পানী ৰাইজৰ মৰণ ফান্দত পৰিণত হৈছে।চাৰিলেন যুক্ত পথ নিৰ্মাণৰ নামত বৰ্তমান ৰাইজে যাতায়ত কৰি থকা উক্ত পথটো মেৰামতি নকৰাত জীয়াতু ভুগিব লগা হৈছে ৰাইজে।পথটো নিৰ্মাণৰ নামত কামৰ চূড়ান্ত হেমাহীৰ বাবে পুখুৰী সদৃশ হৈ পৰি এতিয়া একাঠু পৰ্যন্ত পানী ৰৈছে।আজি কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পথটোত পানী ৰৈ পুখুৰী দৰে হৈ পৰিছে।পানীৰ পৰা ওলাই থকা অংশৰো অৱস্হা শোচনীয়। পথটোৰে দৈনিক বিভাগীয় বিষয়াৰ লগতে জনপ্ৰতিনিধি সকলো অহাযোৱা কৰে যদিও আজিও কাৰো চকুত নপৰিল।অংশটোত দৈনিক অনেক সৰু বৰ দুৰ্ঘটনা ঘটিছে যদিও নিৰ্বিকাৰ বিভাগীয় কতৃপক্ষ।উক্ত পথটোৰ পুখুৰী সদৃশ পৰিৱেশ আঁতৰি কৰিবলৈ ৰাইজে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক অনুৰোধ জনাইছে।

Leave A Reply