Breaking

এখন মঞ্চত তিনিও খান, ‘নাতু-নাতু’ গীতত নৃত্য শ্বাহৰুখ-ছলমান-আমিৰৰ…

0 31

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানে ‘নাতু-নাতু’ গীতত জোৰদাৰ নৃত্য কৰে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে তিনিও খানৰ ধেমেলীয়া নৃত্যৰ ভিডিঅ’। দ্বিতীয় দিনা বলীউডৰ চেলিব্ৰিটিসকলে প্ৰি-ৱেডিং ফাংচনত অভিনয় কৰি অনন্ত আৰু ৰাধিকাক মোহিত কৰে। য’ত দীপিকা পাডুকন-ৰণবীৰ সিং, দিলজিৎ দোসাঞ্জ, ঝনৱী কাপুৰে তেওঁলোকৰ অভিনয়েৰে মঞ্চত জুই লগাই দিয়ে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তিনি খানৰ নৃত্যৰ ভিডিঅ’।


অনন্ত-ৰাধিকা প্ৰি ৱেডিঙৰ প্ৰি-ৱেডিং ফাংচনত শ্বাহৰুখ খান আৰু ছলমান খানক ক’লা কুৰ্তা-পাইজামা পিন্ধা দেখা গৈছে। আমিৰ খানে পিন্ধিছে সেউজীয়া ৰঙৰ কুৰ্তা আৰু বগা পায়জামা। তিনিওজন খানে ডিঙিত জিলিকি থকা কাপোৰ লৈ মঞ্চত ‘আৰ আৰ আৰ’ ছবিৰ ‘নাতু-নাতু’ গীতটোত নৃত্য কৰা দেখা গৈছে। ভিডিঅ’টো চালে তিনিওজন অভিনেতাই এজন এজনকৈ নিজৰ চিগনেচাৰ ষ্টেপ কৰা দেখা যায়।

Leave A Reply