Breaking

প্ৰতিবছৰৰ ৯ ছেপ্তেম্বৰত ঐক্য সেনা অসমে প্ৰদাণ কৰিব যাদু সম্ৰাট এম হুছেইন সোৱঁৰণী বটা

0 2,033

 মই যি কম আপোনালোকে তাকেই শুনিব, আৰু মই যি দেখুৱাম আপোনালোকে তাকেই দেখিব,  ,,,,,  এসময়ত এই গুৰু গম্ভীৰ কন্ঠশ্বৰে অসম ভাৰতৰ প্ৰতিখন যাদুৰ মঞ্চ কপাঁই তুলা যাদু সম্ৰাট এম হুছেইন আছিল  একক, অনন্য, আৰু অদ্বিতীয় ৷এই মন্তৰ্ব্য গড় গাও মহাবিদ্যালয়ৰ অধক্ষ্য তথা বিশিষ্ঠ নিৱন্ধকাৰ, তথা লিখক ড় সব্যসাচী মহন্তৰ ৷ঐক্য সেনা অসমৰ উদ্যোগত যাদু সম্ৰাট এম হুছেইনৰ  ২২ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি ৰাখি আয়োজিত স্মৰ্তিচাৰণ অনুষ্ঠানটিত মূখ্য অতিথি হিচাবে উপস্থিত থকা ড় সব্যসাচী মহন্তই কয় যে,  যাদু সম্ৰাট এম হুছেইনে অসমৰ যাদু কলাক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত  এক নতুন ৰুপত প্ৰতিস্থা কৰিছিল ৷সকলো অলৌকিকতা, অন্ধ বিশ্বাসৰ বিপৰীতে এক মাত্ৰ দুহাতৰ কৌশলী কলাৰ দ্বাৰা বিজ্ঞানৰ সহায়ত ৰুপায়ণ কৰা প্ৰতিটো যাদুৰ খেলেই দৰ্শকক লৈ গৈছিল অন্য এখন পৃথিৱীৰ মায়াজালৰ  মাজলৈ ৷অন্ধ বিশ্বাস কূ সংস্কাৰৰ বিপৰীতে যাদু সম্ৰাট এম হুছেইনৰ যাদুত আছিল মনোৰঞ্জন আৰু চিন্তাৰ খোৰাক ৷৯ / ৯ / ৯৯ চনৰ এটা যাদুকৰী সংখ্যাত মাত্ৰ ৫৫  বছৰ বয়সতেই পৃথিৱীৰ পৰা আঁতৰি যোৱা এম হুছেইনে ১৯৭৩ চনতেই  কলকতাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যাদুৰ মঞ্চত বিশ্বৰ আগশাৰীৰ যাদুকৰৰ উপস্থিতিত যাদুৰ সম্ৰাট হিচাবে বিভূষিত হোৱা যাদু সম্ৰাট এম হুছেইনৰ নামৰ সন্মুখত থকা শীৰ্ষক সন্মানীয় সম্ৰাট শব্দটোক আঁতৰাই পেলাবলৈ এটা প্ৰতিক্ৰিয়াশীল চক্ৰই কৰা অপচেষ্টাক বাতুলামিৰ বাদে একো নহয় বুলিও তীৰ্য্যক মন্তৰ্ব্য কৰে ড় মহন্তই ৷মঞ্চৰ মায়াজালৰ মাজেৰে যাদু সম্ৰাট এম হুছেইনে কূশল কোঁৱৰক বিট্ৰিছে দিয়া  নিৰ্মম ফাঁচীৰ বিৰুদ্ধে মঞ্চতে প্ৰতীকি ৰুপত শ্বহীদ কূশল কোঁৱৰৰ ফাচীঁৰ দৃশ্য উপস্থাপন কৰি ফাঁচি কাঠৰ পৰিৱৰ্তে দৰ্শকৰ মাজৰ পৰা উলিয়াই আনিছিল কূশল কোঁৱৰক ৷ছাহ জাহানৰ সপোন শীৰ্ষক  কৱৰৰ পৰা মমতাজক জীৱন্ত ৰুপত তুলি অনা শিহৰণকাৰী যাদুৰ দৃশ্যই আজিও হাজাৰ হাজাৰ দশকক আলোড়িত কৰি তুলা যাদু সম্ৰাট এম হুছেইনে মুখৰ পৰা ২২  শ ফুট  দীঘল কাগজৰ টুকুৰা উলিয়াই এক বিৰল অভিলেশৰো সৃষ্টি কৰি থৈ গৈছে ৷ গোড়া, ৰক্ষণশীলতাৰ বিপৰীতে সকলোৰে উদ্ধত যাদু কলাৰ মাজেৰে সাংস্কৃতিক আৰু সমন্বয়ৰ মিলন ঘটাই ভাৰতৰ সন্মুখত অসমক এক সুকীয়া ৰুপত চিনাকী কৰি দিয়া যাদু সম্ৰাট এম হুছেইন যে একক , অনন্য, আৰু অদ্বিতীয় আছিল  সেইয়া তেওৰ সৃষ্টিৰাজী, কৰ্মৰাজীয়েই তাক প্ৰমাণ কৰে ৷ ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই  উদেশ্য ব্যাখ্যা কৰা দলমুখ ছাৰিআলিৰ  জয়দয়াল খেমকা মাতৃ সেৱা সদনৰ সুধাকন্ঠ ড় ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজিত স্মৰ্তিচাৰণ অনুষ্ঠানটোৰ আৰম্ভনিতেই যাদু সম্ৰাট এম হুছেইনৰ ২২ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ২২ গছি বন্তি প্ৰজ্বলনেৰে প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী নিৱেদন কৰা হয় ৷একেটা অনুষ্ঠানতেই নিমাতিৰ কৰুণ নাওঁ দুৰ্ঘটনাত নিহতৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে একে স্থানতেই বন্তি প্ৰজ্বলনৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে নিহতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতৰ সুস্বাস্থ্য কামনা কৰা হয় হয় ৷সম্পুৰ্ণ কভিড প্ৰটকল মানি সীমিত  সংখ্যক শুভাকাংশীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোৰ আঁত ধৰা সম্পাদক ফৰিদ ইছলাম হাজৰিকাই  প্ৰতিবছৰে ৯ চেপ্তেম্বৰ তাৰিখটোত যাদু সম্ৰাট এম হুছেইনৰ প্ৰতি শ্ৰদ্ধা জনাই  যাদু সম্ৰাট এম হুছেইন সোঁৱৰণী শীৰ্ষক এক সাংস্কৃৰ্তিক বটাঁ প্ৰদাণৰ কথাও ঘোষণা কৰে ৷একেটা অনুষ্ঠানতেই যাদুশ্ৰী এ হুছেইন, উত্তৰ পুৰ্বাঞ্চলৰ শ্ৰেষ্ঠ যাদুকৰ  জে এন বৰুৱাৰ লগতে জেষ্ঠ সাংবাদিক তথা যাদু শিল্পী খলিলুৰ ৰহমান হাজৰিকা, লিখক আছাদ উল্লাকো বিশেষভাৱে সন্মান জনোৱা হয় ৷উল্লেখ্য যে আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি যাদু সম্ৰাটৰ সোঁৱৰণত চকুত কলা কাপোৰ বান্ধি ব্যস্ততম পথত বাইক চালনাৰ এক অনুষ্ঠানৰ প্ৰস্ততি চলোৱা হৈছিল যদিও নিমাতীৰ নাও দুৰ্ঘটনাৰ নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই সেই অনুষ্ঠান বাতিল কৰা হয় ৷

Leave A Reply