Breaking

দেওবাৰে পঞ্জাৱৰ কিৰাটপুৰ চাহাবত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা…

0 43

দেওবাৰে পঞ্জাৱৰ কিৰাটপুৰ চাহাবত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। চহৰখনত এখন ৰে’লে মহতীয়াই নিয়াৰ ফলত ৩ শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি শিশু গুৰুতৰভাৱে আহত হয়। ৰে’ললাইন পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাত পতিত হয় শিশুকেইটি।

ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে সেই সময়ত ৰে’লখন অহাৰ বিষয়ে শিশুকেইটি জ্ঞাত নাছিল, যাৰ বাবে এনে হৃদয়বিদাৰক দুৰ্ঘটনা সংঘটিত হয়।

তেওঁ লগতে জানিবলৈ দিয়া মতে, ৰে’লৰ খুন্দাৰ ফলত দুটি শিশুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ যোৱাৰ পথত আন এটি শিশুৰ মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনটি শিশু বৰ্তমান চিকিৎসাধীন হৈ আছে।

Leave A Reply