Breaking

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীত জিলা ভিত্তিত বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ ওপৰত লিখা ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক পুৰস্কাৰ বিতৰণ…

0 203

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ অন্তিম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰৰ দ্বাৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জন্মজয়ন্তীৰ সমাপন সমাৰোহৰ পোণপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে নতুন দিল্লীত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ সমাপন সমাৰোহত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তি সকলে অংশ গ্ৰহণ কৰে। নতুন দিল্লীৰ অনুষ্ঠানৰ পোণপটীয়া সম্প্ৰচাৰৰ পিছতে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি জিলা ভিত্তিত বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ ওপৰত লিখা ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক পুৰস্কাৰ বিতৰণ কৰা হয়।

এই পুৰস্কাৰ সমূহ বিতৰণ কৰে জিলা উপায়ুক্ত, অৰক্ষী অধীক্ষককে ধৰি জিলাখনৰ উচ্চ পদস্থ বিষয়া সকলে। উল্লেখ্য যে চাৰিটা শাখাত বিভক্ত এই প্ৰতিযোগিতাৰ ক শাখা (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ)ত জ্যোতিষ্মিতা ডেকাই প্ৰথম, নিশিতা দাসে দ্বিতীয়, অৰ্ণব মধুকুল্যই তৃতীয়; খ শাখা (ষষ্ঠম মান শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ)ত জ্যোতিষময় দাসে প্ৰথম, কিষাণ ৰাভাই দ্বিতীয়, কৰণ কলিতাই তৃতীয়; গ শাখা (নৱমমান শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীলৈ)ত ৰাখী দাসে প্ৰথম, ফিজাবিন চুলতানাই দ্বিতীয়, জেমিনা পাৰবিনে তৃতীয়; ঘ শাখা (একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ)ত কাকলি দাসে প্ৰথম, চিন্ময় মালাকাৰে দ্বিতীয়, জাগৃতি কলিতা আৰু ৰিমজিম বেগমে তৃতীয় স্থান লাভ কৰে। তদুপৰি বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত বীৰ লাচিত বৰফুকন আৰু অসম বিষয়ক সদৌ অসম ভিত্তিত আয়োজিত আন্তঃশিক্ষানুষ্ঠান প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিযোগী সকলকো আজিৰ এই অনুষ্ঠানতে প্ৰাইজমানি সহ পুৰস্কৃত কৰা হয়। উল্লেখ্য যে এই প্ৰতিযোগিতাখনত কটন বিশ্ববিদ্যালয় আৰু পূৱ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ক্ৰমে অংকুৰজ্যোতি শৰ্মা আৰু সঞ্জীৱ দাসে প্ৰথম, নলবাৰী মহাবিদ্যালয়ৰ কৰবী শৰ্মা আৰু ময়ুৰাক্ষী ভট্টাচাৰ্যই দ্বিতীয়, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰিয়াৰাণী ঠাকুৰীয়া আৰু গীতালী পাঠকে তৃতীয় স্থান লাভ কৰিছিল। অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, অতিৰিক্ত উপায়ুক্ত সকলকে ধৰি অন্যান্য বিষয়া সকল উপস্থিত থাকে।


আনহাতে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ অন্তিম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰাতিপুৱা ৫.৩০ বজাত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰৰ পৰা চাংসাৰি হৈ পুনৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰলৈ এখন ‘বীৰ লাচিত’ শীৰ্ষক পুৰুষ আৰু মহিলাৰ প্ৰাইজমানি হাফ্ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভিন্ন প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা ফ্লেগ অফ্ কৰি শুভাৰম্ভ কৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জাল্লীয়ে। অসমৰ বিভিন্ন জিলাৰ ২২ গৰাকী মহিলা আৰু ৫২ গৰাকী পুৰুষ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। প্ৰতিযোগিতাৰ অন্তত বিজয় হোৱা ৫ গৰাকী পুৰুষ আৰু ৬ গৰাকী মহিলা খেলুৱৈক মানপত্ৰ আৰু প্ৰাইজমানিৰে পুৰস্কৃত কৰা হয়। উল্লেখ্য যে এই প্ৰতিযোগিতাত মহিলাৰ শাখাত কাৰ্বিআংলং জিলাৰ লিলি ফাংচুপিয়ে প্ৰথম, কামৰূপ মহানগৰ জিলাৰ সবিতা কুমাৰীয়ে দ্বিতীয়, কুটন গোড়ে তৃতীয়, কামৰূপ জিলাৰ ৰেজিনা পাৰবিনে চতুৰ্থ, বৰ্ণালী দাসে পঞ্চম আৰু পূজা দাসে ৬ষ্ঠ স্থান লাভ কৰি পুৰস্কৃত হয়। আনহাতে পুৰুষৰ শাখাত কামৰূপ জিলাৰ ছানিদুল ইছলামে প্ৰথম, বিশ্বনাথ জিলাৰ বিজন্ত খাৰিয়াই দ্বিতীয়, কামৰূপ জিলাৰ হবিবুল আহমেদে তৃতীয়, লোকমান আলী চতুৰ্থ আৰু বনজিৎ তালুকদাৰে পঞ্চম স্থান লাভ কৰি পুৰস্কৃত হয়। পুৰস্কাৰ বিতৰণী অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে দৌৰবিদ সকলক খেলুৱৈ সুলভ মনোভাৱেৰে খেলিবলৈ আহ্বান জনায়।

খেলুৱৈ সকলক দেশৰ একো একোগৰাকী সম্পদ বুলি মন্তব্য কৰি কঠোৰ অনুশীলনৰ জৰিয়তে বিভিন্ন আগশাৰীৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ৰাজ্য তথা দেশৰ নাম উজলোৱাৰ বাবে তেওঁ আহ্বান জনায়। মাৰাথন দৌৰ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠানত কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বেৰ লগতে সহযোগী প্ৰতিষ্ঠান সমূহৰ বিষয়ববীয়া সকলেও বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, অতিৰিক্ত উপায়ুক্ত প্ৰনৱজোতি গোস্বামী, অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈ,উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ, জনসংযোগ বিভাগৰ বিষয়া বঙ্কিম চন্দ্ৰ ভাগৱতী, জিলা শিক্ষা বিষয়া অপুৰ্ব ঠাকুৰীয়া, জিলা উন্নয়ন বিভাগ, ক্ৰীড়া বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলো উপস্থিত থাকে।

Leave A Reply