Breaking

তিৱাসকলৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক জোঙাল বলহু দিৱসৰ পৱিত্ৰ ক্ষণত বীৰযোদ্ধাগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত মুখ্যমন্ত্ৰীৰ…

0 135

তিৱাসকলৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক জোঙাল বলহু দিৱসৰ আজি এই পৱিত্ৰ ক্ষণত বীৰযোদ্ধাগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিৱা ৰজাসকলৰ ভিতৰত অন্যতম জোঙাল বলহুৱে ৰাজকীয় শাসন ব্যৱস্থাৰে জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক আৰু আধ্যাত্মিক জীৱনধাৰাৰ যি পৰিৱৰ্তন সাধন কৰিছিল তাৰ দ্বাৰা কেৱল এই জনগোষ্ঠীয়েই নহয় বৰঞ্চ সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যখনে এক নতুন প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক লগ দিয়ে পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, বিধায়কদ্বয় শশীকান্ত দাস আৰু ৰূপক শৰ্মা, অসম পৰ্যটন উন্নয়ম নিগমৰঋতুপৰ্ণ বৰুৱা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰমুখ্যে গণ্য-মান্য লোকসকলে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সামাজিক মাধ্যমত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave A Reply