Breaking

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা অখিলে চকুৱে মুখে বিহু দেখি যাবঃ মন্ত্ৰী পীযুষ হাজৰিকা…

0 18

‘মাজুলীত মানুহ নোহোৱা সভা কৰি অখিলে নিজকে অপমানিত কৰাৰ দৰে হৈছে’
‘অখিলৰ এখন এখন মিটিঙত ৭০ জন, ১০০ জন, ১২০ জন মানুহ হৈছে’
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা অখিলে চকুৱে মুখে বিহু দেখি যাবঃ মন্ত্ৰী পীযুষ হাজৰিকা

অখিল গগৈয়ে মাজুলীত কেবাখনো মিটিং কৰিলে। কিন্তু মই জনাত তেওঁৰ এখন এখন মিটিঙত ৭০ , ১০০, ১২০ জন মানুহ হৈছে। মানুহ নোহোৱা সভা কৰি অখিলে নিজকে অপমানিত কৰাৰ দৰে হৈছে। – এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। গৌৰৱ গগৈৰ হৈ মাজুলীত অখিল গগৈয়ে কেবাখনো সভা অনুষ্ঠিত কৰা সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তেওঁ এইদৰে মন্তব্য কৰে। জানিব পৰা মতে,অখিল গগৈয়ে মাজুলীত ১২ খনকৈ মিটিং কৰে যদিও তেওঁৰ সভাত মানুহৰ উপস্থিতিৰ সংখ্যা আছিল তেনেই নগণ্য।

এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই আৰু কয় যে অখিলৰ এখন এখন মিটিঙত ৭০ জন, ১০০ জন, ১২০ জন মানুহ হৈছে। অখিল গগৈ ডাঙৰীয়া ইমান ডাঙৰ এজন নেতা তেওঁ মাজুলী লৈ আহি এনেকুৱা মানুহ নোহোৱা মিটিং কৰি নিজক কিয় অপমানিত কৰিব লাগে বুলি প্ৰশ্ন কৰে। তেওঁ লগতে কয় যে অখিল গগৈ ইমান এজন ডাঙৰ নেতা, তেওঁ ইয়াত অহাতকৈ গুচি যোৱাই ভাল বুলি মই উপলব্ধি কৰো। অখিল গগৈয়ে আজি বুজি পাই গল যে তেওঁলোক যোৰহাট সমষ্টিত হাৰিব আৰু মাজুলীত খুব বেয়কৈ হাৰিব।


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা বিহু নৃত্য সন্দৰ্ভত অখিল গগৈয়ে আগবঢ়োৱা মন্তব্য সম্পৰ্কতো মন্ত্ৰী পীযুষ হাজৰীকাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অখিল গগৈ ডাঙৰীয়াক বিহু দেখুৱাই দিম এইবাৰ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা অখিল গগৈয়ে বিহু দেখি যাব বুলি কয় মন্ত্ৰীগৰাকীয়ে। অখিল গগৈৰ সমষ্টিত আমি ন্যূনতম ১৫ৰ পৰা ২০ হাজাৰ ভোটত জিকিম আৰু সেইদিনাখন তেওঁ চকুৱে মুখে বিহু দেখি যাব বুলি তেওঁ তীৰ্যক মন্তব্য কৰে। অখিল গগৈয়ে এইবাৰ চকুৱে-মুখে ধোঁৱা-কোৱা দেখি যাব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই মন্তব্য কৰে।

Leave A Reply