Breaking

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি৷ গাড়ীৰ চালক আৰু হেণ্ডিমেনে প্ৰয়োজনীয় মজুৰি নোপোৱাৰ অভিযোগ…

0 30

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্তত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি হয় ৷ নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ অনা উইগাংৰৰ চালক আৰু হেণ্ডিমেনে প্ৰয়োজনীয় মজুৰি নোপোৱাৰ অভিযোগত নিশা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

উল্লেখযোগ্য যে, কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰলৈ পুলিং, প্ৰিজাইডিং বিষয়াসকলৰ যাতায়তৰ বাবে ধনশিৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ Transportation Cellয়ে বহু সৰু গাড়ী ভাড়ালৈ আনিছিল ৷ উইংগাৰ গাড়ীসমূহৰ হেণ্ডিমেনসকলক খোড়াকী প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে চালকৰ লগতে হেণ্ডিমেন সকলো ৷ উল্লেখযোগ্য যে, গোলাঘাটত তিনিটা দিনৰ বাবে উইংগাৰসমূহৰ চালক আৰু হেণ্ডিমেনৰ বাবদ ২৮০০ টকা পৰিশোধ কৰাৰ বিপৰীতে একেখন জিলাৰে সৰুপথাৰত কেৱলমাত্ৰ চালকৰ বাবে ১৩৫০ টকাহে পৰিশোধ কৰাত ক্ষোভিত হৈ পৰে হেণ্ডিমেনসকল। ইফালে, এই সন্দৰ্ভত বাতৰি কৰিবলৈ যোৱা সংবাদ মাধ্যমৰ লোককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। লগতে বাতৰি সংগ্ৰহ কৰিবলৈকো বাধা প্ৰদান কৰে তাত থকা কেইজনমান বিষয়াই।


উল্লেখযোগ্য যে, কেৱল চালক হেণ্ডিমেনৰ খোড়াকীয়ে নহয় বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ব্যৱহাৰ কৰা সৰু গাড়ীৰ একাংশই বৰ্তমানলৈকে প্ৰাপ্য ধন নোপোৱাৰ অভিযোগ তুলিছে ৷ আনহাতে, হেণ্ডিমেনসকলে নিৰ্বাচনৰ তিনিটা দিনৰ প্ৰয়োজনীয় খোড়াকী নাপালে গাড়ী প্ৰশাসনৰ হাততে চমজাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ধনশিৰি জিলা নিৰ্বাচনী বিষয়া আৰু উইংগাৰ সন্থাৰ হস্তক্ষেপত বিষয়টো সাম কাটে যদিও একেখন জিলাৰে দুটা স্থানত খোড়াকী হিচাপে প্ৰদান কৰা ধনৰ পৰিমাণ পৃথক পৃথক হোৱাত উইংগাৰৰ লগত জড়িত লোকসকল আচৰিত হৈ পৰিছে ৷

Leave A Reply