Breaking

অনন্ত-ৰাধিকা প্ৰি ৱেডিং অনুষ্ঠানৰ প্ৰথম দিনা কোন চেলিব্ৰিটিয়ে কিমান দামী কাপোৰ পিন্ধিলে…

0 56

প্ৰকাশ পাইছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ প্ৰথম দিনৰ ছবি। শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি অক্ষয় কুমাৰ, অজয় ​​দেৱগন, কৰীনা কাপুৰৰ পৰা ছাইফ আলী খান আৰু আলিয়া ভাটলৈ এই ছবিবোৰত দেখা গৈছে। আচলতে পুত্ৰৰ বিয়াৰ কেইমাহমান আগতে মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে নিজৰ পূৰ্বপুৰুষৰ ঘৰত বিয়াৰ পূৰ্বৰ অনুষ্ঠানৰ আয়োজন কৰিছিল। যিটো ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ চলিব। প্ৰথম দিনাই ককটেল পাৰ্টি অনুষ্ঠিত হৈছিল য’ত ড্ৰেছ কোডো আছিল। এই কাৰণেই সকলোকে ক’লা-বগা সাজ-পোছাক পিন্ধি দেখা গৈছিল। অজয় দেৱগন আৰু অক্ষয় কুমাৰক দেকা গ’ল একেলগে। আম্বানী পৰিয়ালৰ পাৰ্টিত দুয়োকে আচৰিত ধৰণে দেখা গৈছে। লগতে দেখা গৈছে অজয় ​​দেৱগানৰ ভগ্নীৰ পুত্ৰ অমন দেৱগনক।

শ্বাহৰুখ খানৰ সৈতে এই ছবিসমূহ শ্বেয়াৰ কৰিছে ড্ৱেইন ব্ৰাভোৱে। শ্বাহৰুখ খানৰ উপৰিও ব্ৰাভোৱে ৰণবীৰ সিঙৰ সৈতে ছবিও পোষ্ট কৰিছে। অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত পত্নীৰ সৈতেও দেখা গৈছিল মাৰ্ক জুকাৰবাৰ্গক। নীলা চুট আৰু বুট আৰু পত্নীকো ক’লা গাউন পিন্ধি আচৰিত ধৰণে দেখা গৈছিল। এক প্ৰতিবেদন অনুসৰি মাৰ্কৰ পত্নী প্ৰিচিলা চানে ১০ লাখ টকাৰ ড্ৰেছ পিন্ধিছে। মহেন্দ্ৰ সিং ধোনিৰ সৈতে দেখা গৈছে পত্নী সাক্ষী ধোনীক। দুয়োজনেই ১ মাৰ্চৰ বিয়লি জামনগৰ পালেহি। আলিয়া ভাটও পৰিয়ালৰ সৈতে জামনগৰত উপস্থিত হৈছে। ৰণবীৰ কাপুৰ, ৰাহা কাপুৰকো বিমানবন্দৰত দেখা গ’ল। অনুৰাগীসকলে সঁচাকৈয়ে আলিয়াৰ ড্ৰেছিং চেন্স ভাল পাইছে। এই ছবিখন ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে।



আম্বানী পৰিয়ালৰ কন্যা ঈশা আম্বানীক অতি সুন্দৰ গাউন পিন্ধি দেখা গ’ল।

Leave A Reply