Breaking

প্ৰথম দিনাই ‘এনিমেল’ৰ উপাৰ্জন কোটি টকা, পাথান-গদৰক পিছ পেলাব নেকি…

0 73

ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মাণ্ডন্নাই অভিনীত ছবি এনিমেলে বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছে। খবৰ অনুসৰি ছবিখনে সকলো ভাষাতে ঘৰুৱা বক্স অফিচত ৬৩ কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰিছে। সন্দীপ ৰেড্ডা ভাংগাই পৰিচালনা কৰা ছবি এনিমেল ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। ৰণবীৰ কাপুৰৰ অভিনয়ক চৌদিশে প্ৰশংসা কৰিছে। সমালোচক আৰু দৰ্শকৰ পৰা যথেষ্ট মৰম পোৱাৰ পিছত এতিয়া প্ৰথম দিনা ছবিখনৰ উপাৰ্জনকাৰী সংখ্যা ওলাইছে। প্ৰথম দিনাই ঘৰুৱা বক্স অফিচত সকলো ভাষাতে ৬৩ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে এনিমলে।


এনিমেলৰ বাবে সকলো ফালৰ পৰা প্ৰশংসা লাভ কৰিছে ৰণবীৰ কাপুৰে। ৰণবীৰৰ বাহিৰেও একচনেৰে ভৰা ছবিখনত ববি দেউলৰো আছে অভিনয়। ৰণবীৰ আৰু ববীৰ উপৰিও এনিমেল ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰশ্মিকা মণ্ডন্না, অনিল কাপুৰ আৰু ত্ৰুপতি ডিমৰীয়ে।

Leave A Reply