Breaking

অসম আৰক্ষী দিৱস উপলক্ষ্যে প্ৰথম অসম আৰক্ষী বাহিনী চাউনীত ৰক্তদান শিৱিৰ…

0 46


আজি অসম আৰক্ষী দিৱস উপলক্ষ্যে সমগ্ৰ অসমতে আৰক্ষীয়ে অতি ওলহ – মালহেৰে পালন কৰে । নাজিৰাৰ লিগিৰী পুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত আৰক্ষী দিৱস পালন কৰাৰ উপৰি এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰথম অসম আৰক্ষী বাহিনীৰ জোৱান সকলে ।

প্ৰায় অৰ্ধশতাধিক আৰক্ষী জোৱানে লিগিৰী পুখুৰীস্থ চাউনীৰ স্বাস্থ্য কেন্দ্ৰত ৰক্তদান কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰথম অসম আৰক্ষী বাহিনীৰ জোৱানৰ এনে প্ৰসংশনীয় পদক্ষেপক সচেতন ৰাইজে শলাগ লৈছে ।

নাজিৰাৰ পৰা দিলীপ হাজৰিকা

Leave A Reply