Breaking

বীৰ লাচিতৰ জয়ন্তী উপলক্ষে চলন্তাপাৰাত প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিৱিৰ…

0 80

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাও জিলাতো সপ্তাহযোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী । বঙাইগাও জিলা প্ৰশাসনৰ উদ্যোগতো জিলাখনত গ্ৰহন কৰা হৈছে বিভিন্ন কাৰ্যসূচী ।

বীৰ লাচিতৰ জন্ম জয়ন্তী উপলক্ষে বঙাইগাও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্থাস্থ্য বিভাগৰ সহযোগত জিলাখনৰ চলন্তাপাৰাত আজি চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। চলন্তাপাৰা চৰকাৰী মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় এই চিকিৎসা শিৱিৰ ।

উত্তৰ শালমাৰাৰ মহকুমাধিপতি চিমী কৰণে মুকলি কৰা এই চিকিৎসা শিৱিৰত স্থানীয় পাচশতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয় । প্ৰায় ১৪ গৰাকী চিকিৎসকে শিৱিৰত লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰে । শিৱিৰত মহকুমা স্বাস্থ্য বিষয়া মোস্তাফিজুৰ ৰহমানৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ।
-যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply