Breaking

আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি মৰিয়নিত বৃহৎ জনসজাগতা সভা…

0 92

আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰনৰ ওপৰত ৰাজ্যৰ চাহ বাগিচা অঞ্চলত মাহজোৰা জন সজাগতা অভিযানৰ আজি মৰিয়নি হোনোৱাল চাহ বাগিচাত আৰম্ভ হয়। অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত হোনোৱাল চাহ বাগিচা সভাগৃহত অনুষ্ঠিত হোৱা সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্ত, মহিলা আৰু শিশু কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।

মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ মহিলা সকলক নিজৰ স্বাস্থ্যক লৈ সজাগত হবলৈ আহ্বান জনায়। বাগিচা অঞ্চলত সুৰা আৰু বিভিন্ন মাদক দ্ৰব্যৰ বিৰুদ্ধে গন আন্দোলন গঢ়ি তুলিবলৈ মহিলা সকলক ওলাই আহিবলৈ কয়। বাল্য বিবাহ হ’ল চাহ বাগিচাৰ আন এক মূল সমস্যা। সেয়ে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত মাতৃ সকলৰ ভূমিকা অনস্বিকাৰ্য। মাতৃ সকলে বাল্য বিবাহৰ বিৰুদ্ধে বাগিচাই বাগিচাই মহিলা সকলে গনসচেতনা গঢ়ি তুলিবলৈ বাগিচা অঞ্চলৰ ৰাইজৰ প্ৰতি আহ্বান জনায়। সভাত সাংসদ তপন গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰুপজ্যোতি কুৰ্মী, ভাস্কৰ বৰুৱা যোৰহাট জিলাৰ আয়ুক্ত পূলক মহন্ত উপস্থিত থাকে।

Leave A Reply