Breaking

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে হাজোৰ শনিয়াদী গাওঁ পঞ্চায়ত’ৰ অন্তৰ্গত ২৯০ টা পি.এম.গ্ৰামীন আৱাসগৃহৰ শুভাৰম্ভ পঞ্চায়ত সভাপতি ৰবিউল হুছেইনৰ

0 24

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন । দেশজুৰি পালন কৰা হৈছে মোদীৰ জন্মদিন। সমান্তৰালভাৱে হাজো সমষ্টিৰ অন্তৰ্গত শনিয়াদী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কেইবাটাওঁ চুবুৰীত প্ৰধানমন্ত্ৰী গ্ৰামীন আৱাস যোজনাৰ অধীনত সৰ্বমুঠ ২৯০ টা গৃহ নিৰ্মানৰ শুভাৰম্ভ কৰে পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে।

সমান্তৰাল ভাৱে এখনি বিকশিত সমাজ গঢ় দিবলৈ হ’লে দৰিদ্ৰ মানুহখিনিক কিছু সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আজিৰ দিনটোত যুগুত কৰা ১ লাখ পি.এম.গৃহ নিৰ্মানৰ পৰিকল্পনাক আদৰনি জনাই হাজোৰ শনিয়াদী পঞ্চায়তেওঁ শীৰ্ষক কাৰ্যসূচীৰ অংশীদাৰ হ’বলৈ পায় সন্তুুষ্টি প্ৰকাশ কৰে পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে। ইয়াৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে।

হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপ’ৰ্ট

Leave A Reply