Breaking

৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি হাজো মণ্ডল আৰু কিষান মৰ্চা হাজো মণ্ডলৰ উদ্যোগত বিশাল বাইক ৰেলী সম্পণ্ণ

0 1,618

আজি দেশৰ স্বাধীনতা দিৱস।সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ আজি ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি হাজো মণ্ডল আৰু কিষান মৰ্চা হাজো মণ্ডলৰ উদ্যোগত এটি বিশাল ত্ৰিৰংগা বাইক ৰেলী কাৰ্যসূচী সম্পণ্ণ কৰা হ’য়। হাজো বিজেপিৰ মূখ্য কাৰ্যলয়ৰ পৰা ৰামদিয়া হৈ শিলিগুৰীৰ ধাৰেশ্বৰী দেৱালয়ত সামৰনি পৰে বিশাল বাইক ৰেলীটো।প্ৰায় দুই শতাধিক দলীয় কৰ্মীৰ অংগ্ৰহনৰে উলিওঁৱা বিশাল বাইক ৰেলীটোত ত্ৰিৰংগা ধ্বজাৰে সকলোৱে বন্দে মাতাৰাম,ভাৰত মাতা কি জয় আদি ধ্বনিৰে স্বদেশ প্ৰেমৰ বাৰ্তা কঢ়িয়াই আনে।অৱশ্যে ইয়াৰ পূৰ্বে হাজো বিজেপিৰ মূখ্য কাৰ্যলয়ত জাতীয় পতাকা উত্তোলনৰে সকলোৱে এখনি পতাকাৰ তলত এক হৈ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে।

তদুপৰি যিসকল শ্বহীদৰ ত্যাগ আৰু আত্ম বলিদানত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল সেইসকল বীৰ শ্বহীদক সশ্ৰদ্ধ প্ৰনিপাত জনাই সমূহ দেশবাসীকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে সমূহ হাজো বিজেপিৰ কৰ্মকৰ্তাই।আৰু আজিৰ শীৰ্ষক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহন কৰে হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা,সাধৰন সম্পাদক মিলন ঠাকুৰীয়া,উত্তৰ হাজো মণ্ডল বিজেপিৰ সভাপতি তিলক শৰ্মা ,কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰ,অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা,হাজো মণ্ডল কিষান মৰ্চাৰ সভাপতি শচীন নাথ,সাধাৰন সম্পাদক অনিৰুদ্ধ ডেকা,বিজেপি নেতা নগেন মালাকৰ,উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি বেদান্ত কুমাৰ বৈশ্য,বিজেপি উত্তৰ হাজো মণ্ডল যুৱ মৰ্চাৰ সভাপতি বসন্ত কলিতা,হাজো মণ্ডল যুৱ মৰ্চাৰ সভাপতি দীপক দাস,সম্পাদক পংকজ কলিতা,পঞ্চায়ত সভানেত্ৰী তিলমা মেধি,বিজেপি কৰ্মী ব্ৰজেন্দ্ৰ ভৰালীকে প্ৰমূখে প্ৰায়সংখ্যক দলীয় কৰ্মী ও বিষয়ববীয়াই।

Leave A Reply