Breaking

দেশে স্বাধীনতা লাভ কৰা গৌৰৱোজ্বল ৭৫ বছৰ পূৰণ হোৱা উপলক্ষে সমগ্ৰ দেশৰ লগতে ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকলপ্পটো চলিছে স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি

0 1,551

কাইলৈ দিনজোৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা স্বাধীনতা দিৱসত পতাকা উত্তোলন, শ্বহীদ তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ ফাইনেল খেল সমূহ অনুষ্ঠিত হ’ব ৷ এইবাৰ স্বাধীনতা দিৱসত মহিলা আৰু পুৰুষৰ বাবে ভলীবল. কাবাদী, বেডমিণ্টন জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত অনুষ্ঠিত কৰিছে উদ্‌যাপন সমিতিয়ে ৷ ইপিনে স্থানীয় ৰাইজক আকৰ্ষিত কৰিবৰ বাবে দেশপ্ৰেমমুলক নৃত্য-গীতৰ লগতে থলুৱা বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যৰো আয়োজন কৰা হৈছে ৷

বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব ফুটবল ফাইনেল খেল ৷ এইবাৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ’ব গেৰুকামুখ শলখবাৰী এফ চি আৰু গোগামুখ জি এম এছ এফ চিয়ে ৷ তাৎপৰ্যপূৰ্ণ যে, মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পই এইবাৰ সফলতা ৫২ বছৰত ভৰি দিলে ৷ এই উপলক্ষে স্বাধীনতা দিৱস উদ্‌যাপন সমিতিয়ে গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষও উদ্‌যাপন কৰিব৷স্বাধীনতা দিৱসত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন সমিতিৰ সভাপতি দেবানন্দ বড়া আৰু সম্পাদক সনাতন দলেয়ে৷

Leave A Reply