Breaking

ওদালগুৰি সীমান্ত অঞ্চল কৌপাটি জামে মছজিদত ৰৌতাৰ উদ্যোগত ইফতাৰ মেহফিল…

0 74

পবিত্ৰ ৰমজান মাহ উপলক্ষে আজি দৰং ওদালগুৰি সীমান্ত অঞ্চল কৌপাটি জামে মছজিদত কৌপাটি প্ৰাইমাৰী UPPL ৰৌতাৰ উদ্যোগত দোৱা ও ইফতাৰ মেহফিল সম্পন্ন হয়। পবিত্ৰ ৰমজান মাহৰ ২৭ দিন অন্তত ৰোজা থাকি আজান দিয়াৰ লগে লগে জাতি ধৰ্ম নিৰ্বিশেষে সমূহীয়া বাবে ইফটাৰ গ্ৰহণ কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে দোৱা ও প্ৰাৰ্থনা কৰে।

এই দোৱা ও ইফতাৰ মেহফিলত হিন্দু ,বড়োকে আদি কৰি বৃহত্তৰ কৌপাটি অঞ্চলৰ দুই শতাধিক ৰাইজৰ লগতে UPPL দলৰ বিভিন্ন কাৰ্যকৰ্তা উপস্থিত থাকে।

উক্ত দোৱা ও ইফতাৰ মেহফিলত উপস্থিত থাকি BTR ৰ কাৰ্যবাহী সদস্য ড০ নিলুট স্বৰ্গিয়াৰী এ কয় যে এনেকোৱা অনুষ্ঠানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব ভাব গঢ়ি তোলাত সহায় কৰিব । বৰ্তমান BTR ত প্ৰমোদ বড়ো নেতৃত্বত শাসন কালত শান্তি সমৃদ্ধি গুৰি আহিছে।

আমি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলা প্ৰীতিৰে থাকিব বিচাৰো। উদ্যোক্তাসকলৰ অক্লান্ত চেষ্টা আৰু কষ্টৰ ফলত আজিৰ এই সমূহীয়া ইফতাৰ সুকলমে অনুষ্ঠিত হৈ যায় ।

উক্ত ইফতাৰ মেহফিলটোৰ উদ্যোক্তাসকলে উপস্থিত সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply