Breaking

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসন আৰু ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ বৃক্ষ ৰোপণ কাৰ্যসূচী পালন ।

0 332

নলবাৰী

সমগ্ৰ বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি নলবাৰী জিলাতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । নলবাৰী জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠনৰ লগতে নলবাৰীৰ ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীয়ে ও এই বিশ্ব পৰিবেশ দিৱস পালন কৰে । চি আৰ পি এফ বাহিনীৰ দ্বাৰা অনুষ্ঠিত এই বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ কামানডেন্ট পি চি চৌহানে । নলবাৰী বন বিভাগ কাৰ্যালয়ৰ পৰা গছপুলি সংগ্ৰহ কৰি ১৩৬ নং বেটেলিয়ন চি আৰ পি এফৰ সৌজন্যত ক্ৰমে নলবাৰী জিলাত ৫০০,মুকালমুৱাত ১৫০ টা আদি বিভিন্ন ঠাইত গছপুলি ৰোপন কৰে। গছপুলি ৰোপনৰ অনুষ্ঠানৰ পিছত ভাষণ প্ৰসংগত কমানডেন্ট পি চি চৌহানে কয় যে চি আৰ পি এফ বাহিনীৰ সৌজন্যত প্ৰত্যেক বেলিয়ে আই বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় তথা ভৱিষ্যতে ও এই বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা থাকিব । তদুপৰি কামানডেন্ট গৰাকীয়ে প্ৰত্যেকজন চি আৰ পি এফৰ বিষয়ববীয়া সকলৰ লগতে জোৱান সকলক ব্যক্তিগত ভাৱে ও গছপুলি ৰোপন কৰি পৰিৱেশৰ ভাৰসাম্য অটুট ৰাখিবলৈ আহ্বান জনাই। আনহাতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়েও আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃক্ষৰোপণ কৰে । বৰকুৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বকুল, কৃষ্ণচূড়া , সোণাৰু আদি গছৰ পাঁচ শতাধিক পুলি ৰোপণ কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা , জিলা উন্নয়ন আয়ুক্ত কৃষ্ণা বৰুৱা , সমাজকৰ্মী ডা: মৃগাংক তালুকদাৰ , নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদীপ ডেকা , অতিৰিক্ত উপায়ুক্তসকল , সহকাৰী আয়ুক্ত , সামাজিক বনানীকৰন বিভাগৰ সংমণ্ডল বিষয়া , জিলা পৰিবহন বিষয়া , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আদিকৰি বিভাগীয় বিষয়াৰ উপস্থিতিত বিধায়ক অশোক শৰ্মাই বৃক্ষৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে জ্যেষ্ঠ নাগৰিকসকল , শিক্ষক সকল ,বিষয়া-কৰ্মচাৰীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক অন্তত একোজোপাকৈ হ’লেও বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনাইছে যাতে আমাৰ প্ৰাকৃতিক পৰিৱেশ সেউজীয়া হৈ থাকে আৰু প্ৰকৃতিৰ ভাৰসাম্য অটুত থাকে লগতে পৰিৱেশ প্ৰদূষণমুক্ত হৈ থাকে । এইবেলি ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষিত থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ঘৰতে একোটাকৈ গছপুলি ৰুবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । তদুপৰি প্ৰধান শিক্ষক সকলক নিজৰ বিদ্যালয় চৌহদত একোজোপাকৈ গছপুলি ৰোপণ কৰিবলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাই । সেইমৰ্মে নলবাৰী জিলাতো শিক্ষকসকলে নিজৰ স্কুলত আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰত গছপুলি ৰোপণ কৰিছে আৰু গছপুলিবিলাক সামাজিক বনানীকৰন বিভাগৰ নাৰ্চাৰীৰ পৰা যোগান ধৰা হৈছে ।  জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ , তথ্য আৰু জনসংযোগ বিভাগ , গড়কাপ্তানি ( গৃহ ) বিভাগ আদিৰ  বিভাগীয় মুৰব্বী বিষয়াসকলেও নিজৰ কাৰ্যালয় চৌহদত বৃক্ষৰোপণ কৰে ।  কোভিড-১৯ ৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি , মাস্ক পিন্ধি এই বছৰৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে ।

Leave A Reply