Breaking

পকী দেৱালত জিলিকিছে স্বাধীনতা সংগ্ৰামী,মহান মণিষী,লোক সংস্কৃতিৰ চিত্ৰ। ৭৬ সংখ্যক স্বাধীনতা দিৱসক লৈ সৌন্দৰ্য্য বৰ্দ্ধন ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰৰ

0 1,548

ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিব লগীয়া ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ বাবে ঢকুৱাখনা ৰাজহুৱা খেলপথাৰ সজাই পৰাই তোলা হৈছে। খেলপথাৰ খনৰ পকী দেৱালত অঙ্কন কৰা হৈছে দুকুৰি খনকৈ মহান মণিষীৰ চিত্ৰ। ঢকুৱাখনা নগৰ সমিতিৰ বিশেষ উদ্যোগত ‘ঢকুৱাখনা চাৰুকলা সমাজ’ৰ শিল্পী সকলে যোৱা পাঁচ দিন ধৰি দিনে-নিশাই লাগি অঙ্কন কৰা এই চিত্ৰবোৰৰ জড়িয়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামী,স্বাধীনতাৰ শ্বহীদ,মহান মণিষীসকলৰ লগতে লোক কৃষ্টিৰো প্ৰতিফলন ঘটাইছে।


১৫ আগষ্টক উপলক্ষ কৰি অংকন কৰা এই সুন্দৰ দেৱাল চিত্ৰবোৰ যাতে পিছৰ সময়ত কোনেও নষ্ট নকৰে পিক্,জাৱৰ আদি পেলাই
তাৰ বাবে ঢকুৱাখনাৰ চাৰুকলা সমাজ’ৰ শিল্পী সকলে সকলোৰে প্ৰতি আহ্বান জনাইছে।

Leave A Reply