Breaking

এবাৰ, দুবাৰ নহয়, পাঁ‌চবাৰকৈ ব্ৰেকআপ আদিত্য ৰয় কাপুৰৰ ৷ বৰ্তমান ১৩ বছৰ সৰু এগৰাকী অভিনেত্ৰীৰ সৈতে সম্পৰ্কত…

0 56

এবাৰ, দুবাৰ নহয়, পাঁ‌চবাৰকৈ ব্ৰেকআপ আদিত্য ৰয় কাপুৰৰ ৷ বৰ্তমান ১৩ বছৰ সৰু এগৰাকী অভিনেত্ৰীৰ সৈতে সম্পৰ্কত!বলিউদৰ জনপ্ৰিয় অভিনেতা আদিত্য ৰয় কাপুৰৰ বিচ্ছেদ এবাৰ, দুবাৰ নহয়, পাঁ‌চ বাৰ হৈছে ৷ কোৱা হৈছে যে পাঁ‌চ বাৰ ব্ৰেকআপৰ বেদনা ভোগ কৰা অভিনেতাৰ জীৱনত ষষ্ঠবাৰৰ বাবে প্ৰেমে ভুমুকি মাৰিছে আৰু এইবাৰ আদিত্যৰ তুলনাত ১৩ বছৰ সৰু এগৰাকী অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা বুলি সন্দেহ কৰিছে তেওঁৰ অনুৰাগীয়ে। শেহতীয়াকৈ অভিনেত্ৰী অনন্যা পাণ্ডেৰ সৈতে আদিত্য ৰায় কাপুৰৰ কিছু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, তাৰ পিছত দুয়োজনৰে প্ৰেমৰ বিষয়ে চৌদিশে চৰ্চা চলিছে।

আপোনালোকে জানেনে আহনা দেওলৰ সৈতেও সম্পৰ্ক গঢ়ি তুলিছিল আদিত্য ৰয় কাপুৰে৷ ২০১৩ চনত আদিত্য ৰায় কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ ছবি আশিকী আহিছিল। সেই সময়ছোৱাত আদিত্য আৰু শ্ৰদ্ধাও ইজনে সিজনৰ লগত ডেটিং কৰিছিল যদিও কিছু দিনৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল। আনহাতে ৰিয়া চক্ৰৱৰ্তীকো ভাল লাগিছিল আদিত্যৰ৷ খবৰ অনুসৰি ফিতুৰ ছবিৰ সময়ত আদিত্য ৰায় কাপুৰৰ নাম কেটৰিনা কাইফৰ সৈতেও জড়িত আছিল। যদিও দুয়োজনে কেতিয়াও নিজৰ সম্পৰ্কক মানি লোৱা নাছিল। কৰণৰ সৈতে কফী শ্ব’ত অনন্যা পাণ্ডেই কৈছিল যে তেওঁৰ ক্ৰাছ আদিত্য ৰয় কাপুৰ, তাৰ পিছত ২০২২ চনৰ দীপাৱলীৰ পিছত দুয়োজনৰে ডেটিংৰ খবৰ ভাইৰেল হ’বলৈ ধৰিলে।কি সচাঁ‌ কি মিচা সেয়া সময়ত হে জানিব পৰা যাব৷

Leave A Reply