Breaking

এসময়ত সৌৰভ গাংগুলীক বল কৰিছিল, পেটৰ তাড়নাত এতিয়া চাহ-ঘুগুণীৰ দোকান দিয়ে তেওঁ!

0 2,019

“প্ৰকাশ ভগৎ” অসমৰ শিলচৰৰ এগৰাকী প্ৰতিভাশালী ক্ৰিকেটাৰ আছিল। এসময়ত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ বিপক্ষে নেট প্ৰেক্টিছত বলিঙো কৰিছিল তেওঁ। নেট প্ৰেক্টিছত সৌৰভ গাংগুলীয়ে এইগৰাকী অসমৰ খেলুৱৈক কাষতে বিচাৰিছিল। সেয়া আছিল ২০০৩ চনৰ কথা। ভাৰতীয় দলে সেই সময়ত নিউজিলেণ্ড ভ্ৰমণৰ বাবে প্ৰস্তুতি মেচত অংশগ্ৰহণ কৰিছিল। অসমৰ স্পীনাৰ প্ৰকাশ ভগতৰ বলিং এক্সন আকৌ নিউজিলেণ্ডৰ স্পীনাৰ ডেনিয়েল ভেক্টৰীৰ সৈতে মিলিছিল। সেয়ে বেংগালুৰৰ এন চি এত প্ৰশিক্ষণৰত প্ৰকাশ ভগতে সেয়ে ভাৰতীয় দলৰ নেট প্ৰেক্টিছত অংশ লৈছিল। সৌৰভ গাংগুলীক বল কৰাৰ কথা এতিয়াও ভালকৈয়ে মনত আছে প্ৰকাশৰ। আই এন এছ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ আগত তেওঁ সেয়ে কয়, ” সৌৰভক বল কৰাৰ অভিজ্ঞতা কোনো দিন নাপাহৰো। তেওঁ আমাক সেই সময়ত বিভিন্ন টিপছো দিছিল।”

সেই প্ৰকাশ ভগতেই এতিয়া পেটৰ তাড়নাত চাহ ঘুগুণীৰ দোকান দি পৰিয়াল পোহপাল দিবলগাত পৰিছে। কোভিডসৃষ্ট পৰিৱেশে অন্যান্য সকলৰে দৰে ভগতৰ জীৱনলৈও নমাই আনিছে ঘোৰ আমনিশা। এতিয়া আগৰ দৰে দোকানৰ বিক্ৰী নাই। শূণ্য ৰাজপথত নাই গ্ৰাহক। সেয়ে দৈনন্দিন জীৱনত যথেষ্ট কঠিনতাৰ সন্মুখীন হৈছে ভগত। “লকডাউনৰ ফলত কাৰ্যত: ভোকত দিন কটাবলগীয়া হৈছে। দিনটো দোকানত যি বিক্ৰী হয়, সেই টকাৰে দুবেলা দুমুঠি গোটোৱা সম্ভৱ নহয়। মোৰ সৈতে ৰাজ্যিক স্তৰত খেলা সকলোৱে চাকৰি পালে। প্ৰত্যেকৰ জীৱন প্ৰতিষ্ঠিত। বিপৰীতে মই প্ৰতিদিনে যুজঁ দিবলগীয়া হৈছে।” ভগতে সংবাদ মাধ্যমৰ আগত কয় এনেদৰে।

উল্লেখযোগ্য যে, প্ৰকাশে অসমৰ হৈ অনুর্ধ ১৭ বৰ্ষৰ বিজয় মাৰ্চেন্ট ট্ৰফীত ভাগ লৈছিল। বিহাৰৰ বিপক্ষে হেট্ৰিকসহ সাতটা উইকেট দখলো কৰিছিল ভগতে।
তাৰোপৰি অসমৰ হৈ তেওঁ ২০০৯-১০ আৰু ২০১১-১২ বৰ্ষৰ ৰঞ্জী ট্ৰফীতো ভাগ লৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল। ২০১১ চনত পিতৃৰ মৃত্যু হোৱাৰ পিছত সমস্ত পৰিয়ালৰ দায়িত্ব কান্ধ পাতি ল’বলগীয়া হোৱাত ক্ৰিকেটক বিদায় দিবলৈ বাধ্য হয় ক্ৰিকেটাৰগৰাকীয়ে। ৩৪ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এতিয়া অসম ক্ৰিকেট সন্থাৰ সহায় সহযোগিতাৰ আশা কৰিছে।

আমিও আশা কৰিম সততে অসমৰ ক্ৰিকেটাৰসকলৰ সুখ-দুখৰ সমভাগী হোৱা অসম ক্ৰিকেট সন্থাই এইগৰাকী ক্ৰিকেটাৰৰ কাষত থিয় দিব।

Leave A Reply