Breaking

মোৰাঝাৰত নিচাজাতীয় বস্তু সহ এজন আটক

0 1,534

হোজাই জিলাৰ  মোৰাঝাৰ  আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ  নেতৃত্বত চৌধুৰীবজাৰ উপ আৰক্ষী চকীৰ বিষয়া প্ৰদীপ তামুলীৰ সহযোগত কালি নিশা এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই   চৌধুৰীবজাৰৰ বজাৰখনৰ এখন গেলামালৰ দোকানৰ পৰা নিচাজাতীয় বস্তু জব্দ কৰাৰ লগতে বিক্ৰী কৰাৰ অভিযোগত পাৰবেজ আহমেদ (৩৫)নামৰ এজনক লোকক  আটক কৰে।  যুুৱক জনৰ নিজৰ গেলামালৰ দোকানৰ পৰা জব্দ  কৰা হয়  এক কাৰ্টোন নিচাজাতীয় দ্ৰব্য৷ সম্প্ৰতি পাৰবেজৰ সৈতে জড়িত থকাৰ তথ্য উদ্ঘাটনৰ বাবে জেৰা চলাইছে মোৰাঝাৰ আৰক্ষীয়ে।

Leave A Reply