Breaking

হাতীমূৰীয়া মিচিং গাওঁত হেঁপাহৰ ভোগালী আৰু ৰঙে-ৰসে এদিন উৎসৱ

0 2,043

নদীদ্বীপ জিলা মাজুলীৰ শ্ৰীৰাম পঞ্চায়তৰ অন্তৰ্গত হাতীমূৰীয়া মিচিং গাওঁত দ্বিভাষিক তিনিমহীয়া আলোচনী দৃৰবৃ বন্ধন অসমৰ উদ্যোগত আৰু হাতীমূৰীয়া মিচিং গাঁৱৰ যুৱক সঙ্ঘৰ সহযোগত এইবাৰ ভোগৰ উৎসৱ ভোগালীক এক ব্যতিক্ৰম অনুষ্ঠানেৰে আদৰাৰ লক্ষ্যেৰে হে‍ঁপাহৰ ভোগালী আৰু ৰঙে-ৰসে এদিন শীৰ্ষক এখনি ব্যতিক্ৰম অনুষ্ঠান যোৱা ইংৰাজী ১৩ জানুৱাৰী ২০২২ তাৰিখে অৰ্থাৎ উৰুকাৰ ৰাতিত আয়োজন কৰে। দৃৰবৃ বন্ধন আলোচনীৰ সম্পাদক ভাস্কৰজ্যোতি কুটুমে আঁতধৰা অনুষ্ঠানটি সঞ্চালনা কৰে কবি জয়ন্ত হাজৰিকা । মাজুলীৰ কৃৰ্তী শিক্ষক অতুল চন্দ্ৰ বৰাৰ এটি সুন্দৰ কবিতাৰে শুভাৰম্ভ কৰা অনুষ্ঠানত গাঁৱৰ প্ৰথমজনা চৰকাৰী চাকৰিয়াল ভোলাৰাম নৰহ আৰু জেষ্ঠ সমাজ সংগঠক দেৱেন কামানক দৃৰবৃ বন্ধন আৰু হাতীমূৰীয়া গাঁৱৰ যুৱক সঙ্ঘৰ সহযোগত এখনি প্ৰশংসা পত্ৰেৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানটিত মূখ্যঅতিথি ৰূপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় দৈনিক বাতৰি কাকত দৈনন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক তথা কবি ডিম্পুল চুতীয়াই মাজুলীৰ এটা ভিতৰুৱা অঞ্চল হাতীমূৰীয়া গাওঁত এনে এক ব্যতিক্ৰম অনুষ্ঠান দেখি আপ্লুত হোৱাৰ কথা ব্যক্ত কৰে। লগতে ভৱিষ্যৎ দিনত এনেদৰে মিলাপ্ৰীৰ্তি আৰু সমন্বয়ৰ বান্ধোনেৰে অসমীয়া ভাষা সাহিত্যক সংস্কৃতিক জীয়াই ৰাখিবলৈ হাতীমূৰীয়া গাওঁখনলৈ অনুৰোধ জনায়। চুতীয়াই তেখেতৰ স্ব-ৰচিত তুমি কোন শীৰ্ষক কবিতা পাঠেৰে সকলোকে আপ্লুত কৰে। অনুষ্ঠানত উপস্থিত থাকি ঢকুৱাখনাৰ নিউজ লাইভৰ সাংবাদিক তথা বিশিষ্ট কবি ৰাজীৱ বৰুৱাই কবিতা পাঠ কৰাৰ উপৰিও গীত পৰিবেশন কৰি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক তথা জনপ্ৰিয় কবি পাপু বৰাই অনুষ্ঠানত উপস্থিত থাকি মিচিং ভাষাত অইনিতম কলি আৰু স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠানত উপস্থিত সকলোকে আপ্লুত কৰে। তদুপৰি বিশিষ্ট গল্পকাৰ তথা কৃৰ্তী শিক্ষক মৃণালী দেৱী ডাঙৰীয়ানীয়ে মাজুলীৰ মিচিং অধ্যোহিত হাতীমূৰীয়া মিচিং গাওঁত এনেধৰনৰ অনুষ্ঠান দেখি অভিভুত হোৱাৰ কথা ব্যক্ত কৰাৰ উপৰিও স্বৰচিত কবিতাৰে উপস্থিত সকলোকে উৎসাহিত কৰে। উক্ত অনুষ্ঠানত জেংৰাইমূখ আঞ্চলিক লেখিকা সমাৰোহ সমিতিৰ সভাপতি কবিতা মৰাং পেগু উপস্থিত থাকি অইনিতম আৰু কবিতা পাঠ কৰাৰ সমান্তৰালকৈ জেংৰাইমূখৰ নিৱাসী, কবি তথা দৃৰবৃ বন্ধনৰ সদস্যা শুভ্ৰা দলে বাইদেৱেই মিচিং ভাষা আৰু অসমীয়া ভাষাৰ কবিতা পাঠ কৰি সকলোকে উৎসাহিত কৰাৰ উপৰিও বহুমুলীয়া ভাষণ প্ৰদান কৰে। অনুষ্ঠানটি সুচাৰুভাৱে সঞ্চালনাৰ দায়িত্ব থাকি কবি জয়ন্ত হাজৰিকাই এটি কবিতাৰে অনুষ্ঠানত উপস্থিত আল্লাহদিত হোৱাৰ কথা ভালদৰে বৰ্ণনা কৰে। উক্ত অনুষ্ঠানত মাজুলীৰ যুৱনেতা তথা উদীয়মান কবি অঞ্জন শইকীয়া, ৱাৰ্ড সদস্য কুশল কামান, গাওঁ ৰক্ষীক বাহিনীৰ হৈ মৰুটজ্যোতি কুটুম, প্ৰবীন নৰহ, কমল কামান, চন্দ্ৰকমল নৰহ, ধৰ্মেশ্বৰ নৰহ,প্ৰদীপ নৰহ, চুমি কুটুম,বৃষ্টিৰেখা নৰহ, ৰূণজুন নৰহৰ লগতে গাঁৱৰ সকলো বিশিষ্ট ব্যক্তি আৰু বুঢ়া- মেথা উপস্থিত থাকে।

Leave A Reply