Breaking

চিলাপথাৰ মহাবিদ্যালয়ত soft skillৰ এদিনীয়া কৰ্মশালা সম্পন্ন

0 1,278

সৰস্বতী পূজাৰ উচাহ উদ্দীপনাৰ মাজতে শণিবাৰে চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত এখন soft skill বিষয়ক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনি  আঁত ধৰে মহাবিদ্যালয় খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক মানস প্ৰতিম দত্তই ।

কৰ্মশালা খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Soft Skill development cell ৰ সমন্বয়ক তথা শিক্ষক, লেখক আৰু অনুবাদক হেমচন্দ্ৰ দত্ত। সাম্প্ৰতিক সময়ত Soft Skill ৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি  দত্তই কয় যে শেহতীয়াকৈ সমগ্ৰ পৃথিৱীৰে শৈক্ষিক ক্ষেত্ৰখনলৈ Soft Skill এ ব্যাপক ৰূপান্তৰ কঢ়িয়াই আনিছে। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ Soft Skill ৰ জ্ঞানে এজন ব্যক্তিৰ ব্যক্তিগত, সামাজিক আৰু বৃত্তিগত জীৱনলৈ সাফল্য কঢ়িয়াই আনিব। মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে কৰ্মশালা খনিত উপস্থিত থাকে বিভাগৰ সহকাৰী অধ্যাপক  ড০ মেৰিনা নৰহ আৰু চাই মন কেন মানহাই ।

কৰ্মশালা খনিত উপস্থিত থকা সমল ব্যক্তি হেমচন্দ্ৰ দত্তক মহাবিদ্যালয় খনিৰ হৈ ছাত্ৰ একতা সভাৰ সম্পাদক পৱন দলে এখনি বস্ত্ৰৰে সম্বৰ্ধনা জনাই । মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লক্ষীনাথ পেগুৱে কৰ্মশালা খনিৰ সফল সমাপ্তিৰ বাবে আয়োজক প্ৰাণী বিজ্ঞান বিভাগলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

Leave A Reply