Breaking

ৰঙিয়া তুলসীবাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন…

0 22

ৰঙিয়াৰ তুলসীবাৰীত পথ দুৰ্ঘটনা ।মঙ্গলবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত নিহত লোক জন হৈছে যতীন কলিতা ।তুলসীবাৰীৰ মাহতলিৰ যতীন কলিতাৰ বয়স প্রায় ৬০ বছৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে তামুলপুৰ ফালৰ পৰা ৰঙিয়া অভিমুখে অহা বাইক আৰোহী জনে তুলসীবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে ।যাৰ ফলত লোকজন গুৰুতৰ ভাবে আহত হয়।

ৰাইজে লগে লগে চিকিৎসালয়লৈ লৈ যায় যদিও লোকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । উল্লেখযোগ্য যে প্ৰয়াত যতীন কলিতা তুলসীবাৰীৰ বহু সামাজিক কামকাজৰ লগত জড়িত আছিল ।

Leave A Reply