Breaking

টেঙাখাত ৰংচঙীত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে এজন নিহত…

0 105

সন্ধিয়া প্ৰায় ৫:৩০ বজাত টেঙাখাত আৰক্ষী থানা অন্তগত ৰংচঙীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘতীত হয় ৷
দুৰ্ঘটনাতো এজন ব্যক্তি থিতাতে নিহত হয় ৷

ব্যক্তিজনৰ নাম চাবোৱাৰ ৰবিন গগৈ (২২) বুলি জানিব পৰা গৈছে ৷ টেঙাখাতৰ পৰা ঘৰলৈ বুলি AS-23-AF-4893 নম্বৰৰ sccoty গৈ থাকোঁতে বিপৰীত দিশৰ পৰা অহা AS-06-AK-5956 নম্বৰৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হোৱা ফলত দুৰ্ঘটনাতো সংঘতিত হয় ৷


মটৰ চাইকেলত থকা দুজন ব্যক্তি কৈশিক বৰুৱা (২১) আৰু দুলেশ্বৰ বৰাই (২২) গুৰুত্ব ভাৱে আহত হোৱাত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷
ইতিমধ্যে ঘটনা স্থলিত আৰক্ষী উপস্থিত হৈ ঘটনা বুজ লৈ তদন্ত অব্যাহত ৰাখিছে ৷

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ ৰিপৰ্ট

Leave A Reply