Breaking

গোসাইগাঁৱৰ টকেয়ামাৰীত ৰেলৰ খুন্দাত মৃত্যু এজন

0 1,030

লোকজন টকেয়ামাৰীৰ বাসিন্দা প্ৰয়াত সুৰজ বালী ৰাজভৰৰ পুত্ৰ প্ৰদীপ ৰাজভৰ (৩৫)বুলি চিনাক্ত কৰা হয়।
ৰেল লাইন পাৰ হওতে উক্ত ঘটনা সংঘটিত হয় বুলি সন্দেহ ৰাইজৰ।উক্ত স্থানত পুৰ্বতে এটা গেটৰ ব্যৱস্থা আছিল যদিও বৰ্তমান গেট টো উঠাই দিয়াত লোক সকলে বিপদসংকুলভাৱে ৰেল লাইনৰ ওপৰেদি যাতায়ত কৰে।উক্ত স্থানত ৰেল গেট নোহোৱাৰ বাবে পুৰ্বতেও বহু লোক ৰেলৰ খুন্দাত মৃত্যুক আকোৱালি লব লগা হৈছিল।

ৰাইজে উক্ত স্থানত ৰেল গেটৰ দাবী জনায় অঞ্চলটোৰ ৰাইজৰ।ইতিমধ্য ঘটলাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

Leave A Reply