Breaking

আগন্তুক তিনি চাৰি মাহত পূৰণ হব একলাখ নিযুক্তি…

0 63

মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহন কৰিয়েই ডঃ হিমন্ত বিশ্ব শৰ্মাই একলাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই লক্ষ্যত উপনীত হবলৈ চৰকাৰক প্ৰয়োজন তিনি বা চাৰি মাহৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে এক লাখ নিযুক্তিৰ লক্ষ্যত উপনীত হবলৈ ২০ হাজাৰ চাকৰিৰ প্ৰয়োজন।

নববৰ্ষৰ প্ৰথম মাহত ১০ হাজাৰ চাকৰি মুকলি কৰা হব বুলি ডঃ শৰ্মাই সদৰি কৰি বাকী ১০ হাজাৰ চাকৰিৰ বাবে শীঘ্ৰে এক বৈঠকত মিলিত হব। ডঃ শৰ্মাৰ ঘোষনাই শিক্ষিত নিবনুৱাৰ মনত এক আশাৰ সঞ্চাৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে।

চৰকাৰে ইতিমধ্য ৮০ হাজাৰ নিবনুৱাক নিযুক্তি দি এক অভিলেখ স্থাপন কৰা বুলি মত প্ৰকাশ কৰিছে বিভিন্ন মহলে। নিকা আৰু স্বচ্ছতাৰে বাকী পদ সমূহ চৰকাৰে পূৰণ কৰিবলৈ সক্ষম হব বুলি অসমবাসীৰ আশা।

Leave A Reply