Breaking

মহিলাক বছৰি এক লাখ টকা, স্নাতক নিৱনুৱাক বেতন, পুৰণি পেন্সন আঁচনি বাহাল ৰাখিব কংগ্ৰেছে…

0 14

মহিলাক বছৰি এক লাখ টকা, স্নাতক নিৱনুৱাক বেতন, পুৰণি পেন্সন আঁচনি বাহাল ৰাখিব কংগ্ৰেছে,প্ৰদান বৰুৱাই অমৃত কলহ লৈ ফুৰি পঞ্চায়তৰ আঁচনি উদ্ধোধন কৰিয়েই সময় পাৰ কৰিলে, কাইলৈ জোনাইত কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিব ভূপেন বৰা,অখিল গগৈয়ে

কাইলৈ জোনাইত কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিব অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এই কথা জানিবলৈ দি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভাস্কৰ দৱৰাই কয় কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চই ক্ষীপ্ৰতাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰা বুলি উল্লেখ কৰি পুনৰ কয় ভ্ৰষ্টাচাৰী বিজেপিক এইবোৰ ৰাইজে প্ৰত্যাখ্যান কৰিব। প্ৰশাসনযন্ত্ৰটোক চৰকাৰে নিজৰ কামত ব্যৱহাৰ কৰি চৰকাৰী কৰ্মচাৰীক বিজেপি কৰ্মী হিচাপে ব্যৱহাৰ কৰিছে।

ৰাইজৰ লগতে চাকৰিয়াল সকলেও বিজেপি চৰকাৰখনৰ কামকাজত অতীষ্ঠ হৈছে।ঔষধৰ দাম বঢ়াই সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শুধাইছে।বিদেশী বহিষ্কাৰৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা এইখন চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন অসমীয়াক জাপি দিলে। সকলো দিশতে দুৰ্নীতিত লিপ্ত হোৱা বিজেপিয়ে পৰাজয়ৰ ভয়ত কম্পমান হৈছে।যাৰবাবে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা সময়ত বিজেপিয়ে অৰুণোদয়, লাখপতি বাইদেউ প্ৰ-পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰি ফুৰিছে। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই অমৃত কলহ লৈ ফুৰি,পঞ্চায়তৰ আঁচনি উদ্ধোধন কৰিয়ে সময় পাৰ কৰিলে।

সংসদত সমষ্টিৰ সমস্যাৰ কথা কোনো দিনে মাত নেমাতিলে বুলি কৈ সমস্যাজৰ্জৰিত লখিমপুৰৰ পৰা এজন উপযুক্ত প্ৰাৰ্থী বিজয়ী কৰোৱাই পঠোৱাটো ৰাইজে চিন্তা কৰিছে বুলি উল্লেখ কৰি এই সকলো কথা ৰাইজে বুজি পাইছে আৰু ৰাহুল গান্ধীৰ নেতৃত্বত দিল্লীত কংগ্ৰেছ নেতৃত্বত চৰকাৰ শাসনলৈ আহিলে মহিলা সকলক বছৰত এক লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব।গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হ’ব,বি এ উত্তীৰ্ণ নিৱনুৱা সকলক বেতন দিয়া হ’ব,জি এছ টি ,আন আন কৰ নিৰাময় কৰাৰ লগতে অঙ্গনবাড়ী, আশা কৰ্মী সকলৰ দৰমহা বৃদ্ধি কৰিব বুলি মন্তব্য ৰাখি পুৰণি পেন্সন আঁচনি পুনৰ বাহাল ৰখাৰ ব্যৱস্থা কৰিব বুলি কৈ ৰাহুল গান্ধীয়ে কেতিয়াও মিচা কথা নকয় বুলি উনুকিয়াই ৰাইজৰ কল্যাণৰ বাবে যিবোৰ আঁচনি গ্ৰহণ কৰিব সেইবোৰ সক্ষম থকাৰ ওপৰত নিৰ্ভৰ কৰিহে হাতত ল’ব বুলি কয়।

Leave A Reply