Breaking

খাৰুপেটিয়া ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ দু-ব্যৱহাৰ আৰু মানসিক হেচাত প্ৰাণ গ’ল এজনৰ

0 74

খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ দুৰ ব্যৱহাৰ তথা মানসিক হেচাত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে দৰঙৰ খাৰুপেটিয়াত। ঘটনা সন্দৰ্ভত খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰত উল্লেখ কৰা মতে দৰঙৰ ধুলা থানাৰ অন্তৰ্গত ওজাগাওৰ আব্দুল খালেক নামৰ দৰিদ্ৰ বৃদ্ধাজনৰ খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকত আছিল এটা চেভিংছ একাউণ্ট বুক। চৰকাৰে দিয়া বৃদ্ধ পেনচনৰ টকা উঠোৱাৰ আশাৰে গৈছিল বেংকলৈ।তেওঁৰ পাছবুকত KYC  আপডেট দিব লাগিব বুলি জনাই দিয়ে বেংকৰ কৰ্মচাৰীয়ে। সেইবাবেই যোৱা শুক্ৰবাৰে বৃদ্ধ গৰাকী নথি পত্ৰ সহ লৈ গৈছিল ইউনিয়ন বেংকলৈ। সেইটোৱেই যেন কাল হল বৃদ্ধ গৰাকীৰ। ইউনিয়ন বেংকৰ  শৰ্মা উপাধি থকা কৰ্মচাৰী জনে বৃদ্ধাজনৰ KYC Form জমা লোৱাৰ পৰিবৰ্তে  তেওঁক দুৰ ব্যৱহাৰ তথা মানসিক হেচা প্ৰয়োগ কৰি  বেংকৰ পৰা খেদি পঠিয়াই দিয়ে ।কৰ্মচাৰীৰ দুৰ-ব্যৱহাৰত দৰিদ্ৰ বৃদ্ধাজনে বাহিৰলৈ ওলাই আহে যদিও  আলী উপাধী থকা দালাল এজনৰ হতুৱাই আকৌ ভিতৰলৈ  মাতি পঠিয়াই বৃদ্ধ মানুহ গৰাকীক ৷ দালাল জনে বলপূৰ্বক ভাৱে বাহিৰৰ পৰা টানি লৈ যায় সেই বৃদ্ধ গৰাকীক। অশ্লীল গালি গালাজ পাৰাৰ লগতে ঋণ পৰিশোধ নকৰিলে বিভিন্ন দাবী ধমকিৰে পুলিচক গতাই দিম বুলি বহুৱাই ৰাখে বৃদ্ধাজনক । সেই কথা শুনি হতভম্ব হয় বৃদ্ধ গৰাকী।দিন হাজিৰা কৰি পৰিয়ালক পোহ পাল দিয়াৰ লগতে কেৱল পেনচনৰ টকা ওঠোৱাৰ বাহিৰে বেংকলৈ যোগাযোগ নাই ব্যক্তি গৰাকীৰ।তেনে ক্ষেত্ৰত তেওঁৰ নামত ঋণ কেনেকৈ হল।আৰু কোনে ওঠাই ললে। বিভিন্ন চিন্তাত তেওঁ হতাশগ্ৰস্থ হৈ কপিবলৈ ধৰিলে।লগতে তেওঁৰ কেতিয়াও ঋণ নোলোৱা বুলি কাকুতি মিনতি কৰিবলৈ আৰম্ভ কৰিলে কৰ্মচাৰী জনক। কৰ্মচাৰী জনৰ দুৰ ব্যৱহাৰ দেখা পাই লগত যোৱা পুত্ৰ বোৱাৰীয়ে ঘৰলৈ উভতি আনে বৃদ্ধগৰাকীক। তেওঁ বেংকৰ পৰা ঋণ লোৱা নাই বুলি কৈ কাকতি মিনতি কৰি ঘৰলৈ আহাৰ পিছতেই গুৰুতৰ ভাবে অসুস্থ হৈ পৰে ৷পৰিয়ালৰ লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মানসিক অশান্তিত ভোগা বুলি ঘৰলৈ পঠিয়াই দিয়ে ৷ চিকিৎসা কৰি ঘৰত অনাৰ পিচত লোকজনৰ মৃত্যু হয় ৷ তেওঁৰ নামত কোনো ঋণ নথকাত সহজ সৰল ব্যক্তিজনক মানসিক হাৰাশাস্তি কৰাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ দিয়ে পৰিয়ালৰ লোকে। তাৎপৰ্যপূৰ্ণ কথা হল খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ লগত কৰা দুৰ ব্যৱহাৰৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে । বেংকখনৰ শৰ্মা আৰু বিহাৰী উপাধি থকা কৰ্মচাৰী দুজনৰ দুৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে বেংকৰ গ্ৰাহক সকল। কৰ্মচাৰী দুজনৰ বিৰূদ্ধে শাখা পৰিচালকক অভিযোগ দিয়াৰ পাচতো  কোনো গুৰুত্ব নাই।  গ্ৰাহকৰ লগত সদায় দুৰ ব্যৱহাৰ কৰা এনে কৰ্মচাৰীৰ বিৰূদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষনীয়।

Leave A Reply