Breaking

বঙাইগাঁৱত ভূমিকেন্দ্ৰিক মাৰপিটত এজন গুৰুত্বৰ ভাবে আহত…

0 84

বঙাইগাঁৱৰ গোলাপাৰা ১ম খণ্ডত ভূমিকেন্দ্ৰীক মাৰপিটত এজন গুৰুত্বৰ ভাবে আহত। ৩ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল।
ঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা ১ম খণ্ডত ভূমিকেন্দ্ৰীক মাৰপিটত এজন লোক গুৰুতৰ ভাৱে আহত হয়।

গোলাপাৰা প্ৰথম খণ্ডৰ ওমৰ আলী নামৰ খেতিয়কজনে নিজ মাটিত ভূই ৰুই থকা অৱস্থাত কমেদ আলী নেতৃত্বত এটা দলে আক্ৰমন কৰাত গুৰুতৰ বাবে আহত হয়। কমেদ আলীৰ নেতৃত্বত ভুমৰ আলী আৰু ৰফিকুল ইছলামে লাঠি, জেং ৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। তিনি অভিযুক্তৰ আক্ৰমনত ওমৰ আলীৰ সো ভৰি ভাঙি গুৰুত্বৰ ভাবে আহত হয়।

আহত ওমৰ আলীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়। ঘটনা সংক্ৰান্তত ভুক্তভোগী কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে। ঘটনাৰ লগত জড়িত আটাইকেইজন অভিযুক্তক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ভুক্তভোগীয়ে দাবী জনাইছে।

মানিকপুৰৰ পৰা মফিদুল ইছলাম

Leave A Reply