Breaking

এখনৰ পাছত আন এখন দক্ষিণৰ ছুপাৰ হিট ছবি!

0 2,065

বলিউদক পিছ পেলাইছে দক্ষিণৰ ছবি সমূহে।এইবাৰ আহিছে আন এখন ছুপাৰ হিট ছবি।পুষ্পাৰ বৃহৎ সফলতা পিছতেই এইবাৰ আন এখন ছুপাৰ হিট ছবি যেন বক্স অফিচত জুই লগাব।মুক্তি পূৰ্বেই চমক সৃষ্টি কৰিছে ছবি RRR য়ে।বাহুবলী নিৰ্মাতা এছ এছ ৰাজা মৌলীয়ে এইবাৰ নিৰ্মাণ কৰিছে ছবি RRR ।RRR ত অভিনয় কৰিছে বলিউদৰো দুই ছুপাৰ ষ্টাৰেও।RRR ছবি খনৰ বাজেট ৪০০ কোটি টকা।বাহুবলী ৰেকৰ্ড ভংগ কৰি আহি আছে ছবি RRR।

RRR ত অভিনয় কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা জুনিয়ৰ NTR,ৰামচৰণ আৰু বলিউদৰ দুই ছুপাৰ ষ্টাৰ অজয় দেৱগণ আৰু আলিয়া ভাটেও অভিনয় কৰিছে।ইতিমধ্যেই RRR ট্ৰেইলাৰ মুক্তি হৈছে।কিন্তু ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰা নাই।৭ জানুৱাৰীত মুক্তি হোৱাৰ কথা আছিল যদিও কভিড পৰিৱেশৰ বাবে ছবিখনৰ দিন পিছুৱাই আছে।আনহাতে হিন্দী,তামিল,তেলেগু,মালায়ালম ভাষাত মুক্তি পাব ছবি RRR।ছবিখনৰ বাবে জুনিয়ৰ NTR আৰু ৰামচৰণে পৰিশ্ৰমিক লৈছে ৪৫ কোটি টকা।আনহাতে অজয় দেৱগণ ছবি খনৰ পাৰিশ্ৰমিক লৈছে ২৫ কোটি আৰু আলিয়া ভাটে লৈছে ৭।সকলোৱে এতিয়া ছবি খনৰ মুক্তিৰ অপেক্ষাত আছে।

Leave A Reply