Breaking

নাজিৰা, শিমলুগুৰি নগৰত এক তৃতীয়াংশ দোকান খোলাৰ ব্যৱস্থা : ৰেড জ’নৰ পৰা অহা ৯ জনৰ পৰীক্ষাৰ ফলাফল ঋণাত্মক

0 117

নাজিৰা

 কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তৃতীয় পৰ্যায়ৰ লকডাউনৰ নিৰ্দশনাৱলী সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা নিয়মবোৰ মানি চলি নাজিৰা মহকুমা প্ৰশাসনে প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, ৰাজহ চক্ৰ বিষয়া  কবিতা কাকতি কোঁৱৰ, দণ্ডাধীশ ক্ৰমে অদিতি বৰ্মণ, সুজাতা গগৈ, ৰাজীৱ সোনোৱাল তথা প্ৰশাসনীয় বিষয়াসকলৰ নেতৃত্বত দুয়োখন নগৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানবোৰ পদ্ধতিগতভাৱে দৈনিক এক তৃতীয়াংশকৈ খোলাৰ ব্যৱস্থা কৰি দিয়ে। সেই মৰ্মে বুধবাৰে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ নাজিৰা আৰু শিমলুগুৰি নগৰৰ দোকানবোৰ খোলাৰ ব্যৱস্থা হৈছে। ইফালে দুয়োখন নগৰতে ফাৰ্মাচী, কিতাপ আৰু গেলামালৰ দোকানবোৰ প্ৰতিদিনে পুৱা  ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত জনসাধাৰণে সামাজিক দূৰত্ব আৰু চৰকাৰী নিৰ্দেশনা মানি কভিড-১৯ ক’ৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ তথা নিৰ্দ্ধাৰণ কৰা সময় অনুসৰি প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে আৰু বিনা কাৰণত ৰাজপথত বিচৰণ নকৰিবলৈ নাজিৰা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনাইছে৷ আনহাতে যোৱা সময়ছোৱাত ৰেড জ’ন হিচাপে পৰিগণিত হোৱা বঙাইগাঁও জিলাৰ পৰা আহি নাজিৰা আৰু শিমলুগুৰি নগৰ এলেকাত অৱস্থান কৰা ৯ জনকৈ লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু এই আটাইকেইজনৰে স্বাস্থ্য পৰীক্ষাৰ ফলাফল ঋণাত্মক বুলি নাজিৰা মহকুমা প্ৰশাসনৰ হৈ মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ সোণোৱালে এক বিবৃতি যোগে সদৰী কৰিছে৷

Leave A Reply