Breaking

জামুগুৰিহাটৰ বামুনিপামত এটা গড় খেদিবলৈ বনবিভাগে শুন্যলৈ গুলীচালনা কৰা মুহূৰ্ততে এজনৰ হাতত গুলি লাগি আহত

0 2,036

জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত এটা গড়ে ওৰেটো নিশা সন্ত্ৰাস চলোৱাৰ পিছত পুৱাই জীয়াভৰলী নদীৰ পাৰত অৱস্থান কৰিছে ৷ ইয়াৰ ফল স্বৰূপে গাঁও সমুহৰ ৰাইজ আতংকিত হৈ পৰিছে ৷ বন বিভাগৰ লোক সকলে গড়টোক খেদিবলৈ প্ৰচেষ্টা চলাইছে যদিও সফল হব পৰা নাই ৷ ইয়াৰ পিছতে বামুনিপামৰ যোগীবস্তিত থকা TBI.নামৰ এটা ইটাভাটাত গড়টোৱে আশ্ৰয় লয় ৷ বনবিভাগৰ লোকে গড়টো খেদাৰ প্ৰচেষ্টাৰে শুন্যলৈ গুলীচালনা কৰি থকিৰ মুহূৰ্ততে ভাটাটোৰ ঘৰৰ ভিতৰত থকা ঋিষি শিবাকুটি নামৰ (ইটাভাটাৰ মহৰী) লোক জনৰ হাতত লগা গুলীয়ে আহত কৰে লোক জনক ৷ আহত লোক জনক ততাতৈয়াকৈ নি উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে । সম্প্ৰতি গড়টোৰ সন্ত্ৰাসত গাঁওবাসী আতংকিত হৈ পৰিছে ৷ বন বিভাগৰ লোকে বৰ্তমান গড়টো ট্ৰেকোলাইজ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যাবলৈ সক্ষম হয় । 

Leave A Reply