Breaking

অ’ এন জি চিৰ অসম বিৰোধী নীতি : খিলঞ্জীয়াক ভাতে মাৰি বহিৰাগত পুজিপতিক ফাৰ্মাচীৰ ঠিকা আৱণ্টনৰ ব্যৱস্থা

0 2,084

৬০ দহকৰে পৰা অসমৰ ভূগৰ্ভৰ পৰা পনীয়া সোণ আহৰণ কৰি বছৰি কোটি কোটি টকা মুনাফা আদায়েৰে দেশৰ মহাৰত্ন উদ্যোগলৈ পৰ্যৱেক্ষিত হোৱা তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ ‘ এন জি চি ) অসম সম্পদ কৰ্তৃপক্ষ তথা  কৰ্মৰত বহিৰাগত বিষয়া সকলৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে সঘনাই নিগমৰ যান – বাহন অৱৰোধ , বন্ধ , আদি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে যদিও চৰকাৰ আৰু নিগম  কৰ্তৃপক্ষৰ কোনো গা লৰা নাই । নিগমৰ অধীনস্থ সৰহ সংখ্যক তৈলক্ষেত্ৰৰ পৰা নিৰ্গত গেদেৰী , খাৰুৱা তেল আৰু জ্বলাই দিয়া প্ৰাকৃতিক গেছৰ তাপ – ধোঁৱা আদিয়ে অসমৰ প্ৰাকৃতিক পৰিকাঠামূহ ধ্বংস কৰি অহাৰ সমান্তৰাল ভাৱে বহিৰাগত বিষয়াৰ অসম বিৰোধী নীতিয়ে ৰাজ্য খনৰ অৰ্থনৈতিক বুনিয়াদ হ্ৰাস কৰিছে । অ’ এন জি চিৰ এনে অসম বিৰোধী নীতিৰ সন্দৰ্ভত ন্যায় বিচাৰি শেহতীয়াকৈ খিলঞ্জীয়া জনগণ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লগা হোৱা পৰিস্থিতি চৰম পৰিতাপৰ বিষয় হৈ পৰিছে । প্ৰাপ্ত তথ্য অনুসৰি বছৰ বছৰ ধৰি খিলঞ্জীয়া নিবনুৱা যুৱকৰ একাংশই প্ৰতিষ্ঠানটোত বিভিন্ন ঠিকা কামৰ জৰিয়তে স্ব – নিৰ্ভৰশীল হোৱাৰ লগতে পৰিয়ালক ভৰণ – পোষণ দি আহিছে । শেহতীয়াকৈ এনে এচাম যুৱক তথা পৰিয়ালক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচি বহিৰাগত পুজিপতি গোষ্ঠীক ফাৰ্মাচীৰ ঠিকা আৱণ্টনৰ ব্যৱস্থা কৰি নিগমৰ একাংশ বহিৰাগত শীৰ্ষ বিষয়াই কমিচনৰ অংকত সিদ্ধহস্ত হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জনা মতে অ’ এন জি চি কৰ্তৃপক্ষই এই ফাৰ্মাচীৰ ঠিকা আৱণ্টনৰ বাবে অনুমোদিত ফাৰ্মাচীবোৰৰ নিবিদাৰ ক্ষেত্ৰত কেতবোৰ নতুন নীতি – নিয়ম ধাৰ্য কৰি অসমৰ থলুৱা স্বাৰ্থবিৰোধী নীতিৰ লগতে অসমীয়া ক্ষুদ্ৰ , মজলীয়া ধৰণৰ ফাৰ্মাচী ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা লোক সকলক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচিছে । অ’ এন জি চিয়ে শেহতীয়াকৈ ফাৰ্মাচী অনুমোদনৰ ক্ষেত্ৰত নিবিদা নং R 16GC20003 ত নিৰ্ধাৰণ কৰা নীতি – নিয়ম অনুসৰি তিনি বছৰৰ বাবে অ’ এন জি চি অসম সম্পদত খুচুৰা চেইন ফাৰ্মাচী তালিকা ভূক্ত কৰণ , এজন নিবিদাকাৰীৰ কমেও ২০ খন মালিকানাধীন ফাৰ্মাচী আউটলেট থাকিব লাগিব , নিবিদাকাৰীৰ অধীনত কমেও ৩০ গৰাকী ফাৰ্মাচীষ্ট থাকিব লাগিব , আমানতৰ ধনৰ পৰিমাণ ৪৯, ৭৫ , ০০০ টকা , পি বি জি ২ , ২১ , ৫৯ , ৯৫৮ টকা , কণ্ট্ৰেক্ট মূল্য ৫৪ , ৪৯ , ১৭ , ০০০ টকা , বছেৰেকীয়া মূল্য ১৮ , ১৬ , ৩৯ , ০০০ টকা ১২.০  শতাংশ ২ , ২১ , ৫৯ , ৯৫৮ টকা , ৰ্টাণ অভাৰ ৯ , ০৮ , ১৯ , ৫০০ টকাতকৈ বেছি হ’ব লাগিব , দৰদাতাৰ মুঠ মূল্য ২৭২৪৫৮৫০ টকাতকৈ বেছি , দৰৱৰ মূল্যত  অতি কমেও ১৮ শতাংশ ৰেহাই , উপভোগ্যৰ মূল্যত অতি কমেও ৪০ শতাংশ ৰেহাই দিয়া আদি কেতবোৰ কঠোৰ নীতি নিৰ্ধাৰণ কৰি দিয়াত অসম তথা শিৱসাগৰ জিলাৰ খিলঞ্জীয়া ঠিকাদাৰ – যুৱক সকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । যিবোৰ নীতিৰ আধাৰত বহিৰাগত পুজিপতি গোষ্ঠীক নিগম কৰ্তৃপক্ষই বৰপীড়া পাৰি দিছে ।  ‘ এন জি চিৰ এনে থলুৱা বিৰোধী নীতি পত্যাহাৰ কৰি পূৰ্বৰ নীতি বাহাল ৰাখিবৰ বাবে নিগম কৰ্তৃপক্ষৰ লগতে জিলা উপায়ুক্ত , জিলা উন্নয়ন আয়ুক্ত , অসম চৰকাৰৰ কৰ্তৃপক্ষলৈ আবেদন – নিবেদন কৰিও কোনো সুফল নোপোৱাত অৱশেষত শিৱসাগৰ জিলা ড্ৰাগ ডিলাৰ এচ’ছিয়েচনে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হয় । ন্যায়ালয়ত তৰা ডব্লিউ পি ( চি ) / ৩২৩০ / ২০২০ গোচৰৰ সন্দৰ্ভত অহা ১১ মে’ ত যুটীয়া বিচাৰপীঠ আদালতত শুনানী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । 

Leave A Reply